দিহিং-পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ দাবীৰে প্ৰকৃতি প্ৰেমী নিজৰা গগৈৰ মুণ্ডন, মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি

News18 Assam | News18-Assam
Updated:May 23, 2020, 12:43 PM IST
দিহিং-পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ দাবীৰে প্ৰকৃতি প্ৰেমী নিজৰা গগৈৰ মুণ্ডন, মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি
মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে মুকলি চিঠি

মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে মুকলি চিঠি

  • Share this:
দিহিং- পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰে মুক্ত কয়লা খনন কাৰ্য চলাবলৈ অনুমতি প্ৰদান কৰি বৰ্ষাৰণ্য খনৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংশ কৰিবলৈ বিচৰাৰ প্ৰতিবাদত শনিবাৰে চৰাইদেউ জিলা মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত লাইচেং গাঁৱৰ সাহসী যুৱতী তথা স্বেচ্ছাসেৱী প্ৰকৃতি সংগঠন 'বৃক্ষবন্ধু'ৰ সম্পাদিকা অসম কন্যা নিজৰা ফুকনে নিজ ঘৰতে মুণ্ডন কৰে।

আনহাতে এইগৰাকী সাহসী যুৱতী নিজৰা ফুকনে বৰ্ষাৰণ্য খন সুৰক্ষা প্ৰদান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত যুৱতীগৰাকী উল্লেখ কৰা অনুসৰি, জৈৱ-বৈচিত্ৰ্যৰ অপূৰ্ব সমাহাৰে ভৰপুৰ দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা মুক্ত খনন কাৰ্যৰ ফলত ইয়াৰ প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব । প্ৰকৃতিৰ হৃদপিণ্ডস্বৰূপ এই বৰ্ষাৰণ্যখনত কয়লা খনন কাৰ্যৰ ফলত ইয়াৰ জীৱকুলৰ লগতে প্ৰাকৃতিয়ে ভাৰসাম্য হেৰুৱাই পেলাব। এগৰাকী প্ৰকৃত অসমীয়া তথা ৰাজ্যৰ শাসনৰ মুৰব্বী হিচাপে এই বৰ্ষাৰণ্যখন ধ্বংশ কৰিবলৈ নিদিব।

উল্লেখ্য যে, এইগৰাকী সাহসী যুৱতী নিজৰা ফুকনে প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত দেশব্যাপি জনসজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ বিগত সময়ত ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামৰ পৰা ২২৪৬ কিলোমিটাৰ পদযাত্ৰা কৰি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছিল। শেহতীয়াকৈ দিহিং-পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ স্বাৰ্থত এইগৰাকী যুৱতীয়ে নিজ ঘৰতে মুণ্ডন কৰা কাৰ্যই সম্প্ৰতি প্ৰতিবাদৰ আন এক দিশ উন্মোচন হৈছে ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading