
Photo : Telegraph India
আদালতে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমত ধৈৰ্য কোৱঁৰ আৰু বিতু সোণোৱালৰ শুনানি গ্ৰহণ কৰে৷ গুৰুত্বৰভাৱে অসুস্থ অখিল গগৈ উপস্থিত থাকিব নোৱাৰিলে ভিডিঅ’ কনফাৰেন্সত৷
নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনৰ পৰাই প্ৰায় ৬ মাহতকৈ অধিক কাল কাৰাগাৰত বন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰ৷ ৰাজ্যজুৰি কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে শংকিত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষ। কিছুদিনৰ পৰা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল জ্বৰ, মূৰৰ বিষত আক্ৰান্ত হৈ আছে ৷ কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই কোনোধৰণৰ চিকিৎসা ব্যৱস্থা নকৰাৰ বাবে অধিবক্তাই চিকিৎসা বিচাৰি আবেদন জনায় NIAৰ বিশেষ আদালতত৷
আদালতে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমত ধৈৰ্য কোৱঁৰ আৰু বিতু সোণোৱালৰ শুনানি গ্ৰহণ কৰে৷ আনহাতে, গুৰুত্বৰভাৱে অসুস্থ অখিল গগৈ উপস্থিত থাকিব নোৱাৰিলে ভিডিঅ’ কনফাৰেন্সত৷ আদালতে আবেদনৰ শুনানি গ্ৰহণ কৰি অসুস্থ তিনিওৰে কোভিড পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসা কৰাৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰক৷ আনহাতে, মানস কোঁৱৰৰ জামিন আবেদনৰো শুনানি গ্ৰহণ কৰে আদালতে৷ অভিযুক্ত পক্ষৰ অধিবক্তাৰ যুক্তিৰ শুনাৰ পিছত বুধবাৰে NIAৰ অধিবক্তাই দাঙি ধৰিব যুক্তি৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|