CAAৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ NIAৰ চমন

News18 Assam | News18-Assam
Updated:February 5, 2020, 6:47 PM IST
CAAৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ NIAৰ চমন
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। তাৰ মাজতে চৰকাৰে আন্দোলন দমন কৰিবলৈ বিভিন্ন পন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে।

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। তাৰ মাজতে চৰকাৰে আন্দোলন দমন কৰিবলৈ বিভিন্ন পন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে।

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। তাৰ মাজতে চৰকাৰে আন্দোলন দমন কৰিবলৈ বিভিন্ন পন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। দেশদ্ৰোহ, আন্দোলনৰ নামত হিংসাৰ উচতনি দিয়া দেখুৱাই জে’লত ভৰাইছে ইজনৰ পিছত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক।

এইবাৰ  কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক, তথা 'কা' বিৰোধী আন্দোলনত অসমৰ ছাত্ৰ সমাজক সবল নেতৃত্ব প্ৰদান কৰা প্ৰাঞ্জল কলিতালৈ NIA য়ে জাৰি কৰিছে চমন। কাইলৈ পুৱা ১১.০০ বজাত NIA ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ছাত্ৰ নেতাজনক। ছাত্ৰজনলৈ NIAৰ চমন জাৰি কৰাত  এতিয়া বিভিন্ন ৰহস্যৰ গোন্ধ পাইছে ৰাজ্যৰ সচেতন সমাজে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি