• Home
  • »
  • News
  • »
  • assam
  • »
  • Jihadi Activities in Assam : জেহাদী সন্দৰ্ভত হ'ব পাৰে NIAৰ তদন্ত, দুঘণ্টা ধৰি উপ-মহাপৰিদৰ্শকে পৃথকে জেৰা চলালে জেহাদীক

Jihadi Activities in Assam : জেহাদী সন্দৰ্ভত হ'ব পাৰে NIAৰ তদন্ত, দুঘণ্টা ধৰি উপ-মহাপৰিদৰ্শকে পৃথকে জেৰা চলালে জেহাদীক

বাংলাদেশৰ জেহাদী সংগঠন আনচাৰুল্লা বাংলা টীম আৰু মুফতি মুস্তাফাৰ মাজত ধন লেনদেনৰ তথ্যও পোৱা গৈছে আৰক্ষীৰ তদন্তত ৷

বাংলাদেশৰ জেহাদী সংগঠন আনচাৰুল্লা বাংলা টীম আৰু মুফতি মুস্তাফাৰ মাজত ধন লেনদেনৰ তথ্যও পোৱা গৈছে আৰক্ষীৰ তদন্তত ৷

বাংলাদেশৰ জেহাদী সংগঠন আনচাৰুল্লা বাংলা টীম আৰু মুফতি মুস্তাফাৰ মাজত ধন লেনদেনৰ তথ্যও পোৱা গৈছে আৰক্ষীৰ তদন্তত ৷

  • Share this:
জাগীৰোড আৰক্ষী থানালৈ সঘন আহ-যাহ চলিছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙৰ পিছত শুক্ৰবাৰে পুনৰ জাগীৰোড আৰক্ষী থানাত উপস্থিত হয় অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিংহ ৷

প্ৰায় দুঘন্টাধৰি উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিংহই পৃথকে পৃথকে জেৰা চলালে জেহাদী মুফতি মুস্তাফা আৰু অফচাৰুদ্দিন ভূঞাক ৷ জেৰাত বহু বিস্ফোৰক তথ্য লাভ কৰিছে যদিও তদন্তৰ খাতিৰত সদৰি কৰা নাই কোনো তথ্য ৷

অৱশ্যে তদন্ত প্ৰক্ৰিয়া অধিক গভীৰতালৈ যাব লাগিব বুলি মন্তব্য কৰে উপ-মহাপৰিদৰ্শক গৰাকীয়ে । প্ৰয়োজন সাপেক্ষে NIA ৰ তদন্তকাৰী দল নিয়োগ কৰা হব পাৰে বুলিও ইংগিত দিয়ে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিংহই ৷

উল্লেখ্য যে আৰক্ষীৰ জালত পৰা মুফতি মুস্তাফই মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত চলাইছিল জেহাদী কাৰ্যকলাপ ৷ মুফতি মুস্তাফাক গ্ৰেপ্তাৰৰ পিছতে মুস্তাফাৰ বৈদ্যুতিক সঁজুলিত উদ্ধাৰ হৈছিল জেহাদী প্ৰশিক্ষণৰ ভিডিঅ ৷

যি সমূহ ভিডিঅ'ৰ জৰিয়তে মাদ্ৰাছাৰ ছাত্ৰক প্ৰৰোচিত কৰাৰ সন্দেহ কৰা হৈছে ৷ এই সন্দৰ্ভত জমিউল হুদা মাদ্ৰাছাত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা ৪৩ গৰাকী ছাত্ৰৰ ভিতৰত ১৯ গৰাকী ছাত্ৰক মৈৰাবাৰী আৰক্ষী থানাত কৰা হৈছিল জেৰা ৷

আনহাতে বাংলাদেশৰ জেহাদী সংগঠন আনচাৰুল্লা বাংলা টীম আৰু মুফতি মুস্তাফাৰ মাজত ধন লেনদেনৰ তথ্যও পোৱা গৈছে আৰক্ষীৰ তদন্তত ৷ তাৰ পিছতে বৃহস্পতিবাৰে মৰিগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলাইছিল মৈৰাবাৰীত অবৈধভাৱে নিৰ্মান কৰা জমিউল হুদা মাদ্ৰাছাত ৷
Published by:Gautam Barman
First published: