‘NIA এ দাখিল কৰা চাৰ্জশ্বিটত মাওবাদী সজালে অখিল গগৈক, সাক্ষী দিলে দুজন অচিন লোকে’- সংবাদমেলত ক’লে KMSS নেতৃত্বই

News18 Assam | News18-Assam
Updated:June 3, 2020, 11:25 PM IST
‘NIA এ দাখিল কৰা চাৰ্জশ্বিটত মাওবাদী সজালে অখিল গগৈক, সাক্ষী দিলে দুজন অচিন লোকে’- সংবাদমেলত ক’লে KMSS নেতৃত্বই
Photo : Telegraph India

কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ, ধৈয্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে NIA এ দাখিল কৰিলে চাৰ্জশ্বিট।

  • Share this:
কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ, ধৈয্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে NIA এ দাখিল কৰিলে চাৰ্জশ্বিট। লগে লগে সংবাদমেলৰ যোগে প্ৰতিক্ৰিয়া কৃষক মুক্তিৰ ৷

‘১৬৫ দিনত ৪০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল NIA এ  ৷ চাৰ্জশ্বিটেই প্ৰমাণ কৰিছে এয়া এক ষড়যন্ত্ৰমূলক গোচৰ ৷ চাৰ্জশ্বিটত অখিল গগৈক মাওবাদী আখ্য দিয়া হৈছে ৷ দুজন গোপন পৰিচয়বিহীন সাক্ষীৰ দ্বাৰা অখিলক মাওবাদী সজাব বিচাৰিছে ৷ কোনো তথ্য প্ৰমাণ নোহোৱাকৈ NIA এ চাৰ্জশ্বিট দাখিল কৰিছে ৷’- এনেদৰে সংবাদমেলত কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয় ববীয়াই। সংগঠনটোৱে আনকি পুনৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ  দিয়াৰ লগতে পৰিস্থিতি মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীকো সাজু থাকিবলৈ প্ৰত্যাহ্বান জনায়।

সংবাদমেলত লগতে কয় যে,‘সতীৰ্থক মুক্তিৰ দাবীত হ’ব এই আন্দোলন ৷ লগতে অব্যহত থাকিব কা বিৰোধী আন্দোলন। ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰে অখিল গগৈৰ মতাৰ্দশ সমৰ্থন কৰে সেয়হে তেওঁলোককো মাওবাদী সজাইছে নিয়াই। এয়া হাস্যকৰ।’

ইয়াৰ লগতে সংগঠনটোৰ ফালৰ পৰা কোৱা হয় যে, ‘কা বিৰোধী আন্দোলনক মাওবাদীৰ আন্দোলন বুলি কৈ অসমবাসীক চূড়ান্ত অপমান কৰিছে নিয়াই ৷ কোনো তথ্য প্ৰমাণ নাই চাৰ্জশ্বিটত। কেৱল আছে অভিযোগ ৷ এয়া এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ৷ অখিল গগৈ আৰু তিনি সহযোগীৰ বিৰুদ্ধে যি অভিযোগনামা দাখিল কৰিছে সেই চাৰ্জশ্বিট নাই কোনো প্ৰমাণ ৷’
First published: June 3, 2020, 11:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading