NIA য়ে দিল্লীৰ পৰা গুৱাহাটীলৈ আনিলে অখিল গগৈক? আঁৰৰ ৰহস্য কি?

News18 Assam | News18-Assam
Updated:December 25, 2019, 8:15 PM IST
NIA য়ে দিল্লীৰ পৰা গুৱাহাটীলৈ আনিলে অখিল গগৈক? আঁৰৰ ৰহস্য কি?
ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনৰ সময়ত উচতনি দিয়াৰ অভিযোগ তুলি কৃষক নেতা অখিল গগৈক গ্ৰপ্তাৰ কৰিছিল NIAএ

ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনৰ সময়ত উচতনি দিয়াৰ অভিযোগ তুলি কৃষক নেতা অখিল গগৈক গ্ৰপ্তাৰ কৰিছিল NIAএ

  • Share this:
ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনৰ সময়ত উচতনি দিয়াৰ অভিযোগ তুলি কৃষক নেতা অখিল গগৈক গ্ৰপ্তাৰ কৰিছিল NIAএ। লগতে মাওবাদীৰে অখিল গগৈৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত কৰি দিল্লীলৈ লৈ যোৱা হৈছিল।

অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অখিল গগৈক মুক্তিৰ দাবীত কেৱল অসমতে নহয়, দিল্লীতো তীব্ৰ আন্দোলন হৈছিল। বুধবাৰে সন্ধিয়া অখিল গগৈক NIA য়ে দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান যোগে গুৱাহাটীলৈ লয় অনা হয়।

বিমান বন্দৰৰ পৰা NIA আৰু মহানগৰ আৰক্ষীয়ে বিমানৰ পৰা নমাই CARGO দুৱাৰেৰে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গুৱাহাটীলৈ অহা হৈছে অখিল গগৈক। কিন্তু এতিয়া লৈকে জানিব পৰা নাই সবিশেষ। ঐকৌ অখিল গগৈক দিল্লীলৈ লৈ যোৱা হ’ব নে  গুৱাহাটীতে ৰখা হ’ব সেয়াই এতিয়া লৈকে পোহৰলৈ অহা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি