ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (NHRC) উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সীমান্তত জুলাইত সংঘটিত ভয়ংকৰ সংঘৰ্ষক লৈ কেন্দ্ৰ, অসম আৰু মিজোৰামক জাননী জাৰি কৰিছে। আয়োগে কৈছে যে সেই সময়ছোৱাত "গুৰুতৰ মানৱ অধিকাৰ উলংঘন" হৈছিল।
অসমৰ বাসিন্দা মহম্মদ ইনজামামুল হকৰ অভিযোগৰ ভিত্তিত মানৱ অধিকাৰ আয়োগে দেওবাৰে কেন্দ্ৰীয় গৃহ সচিব আৰু অসম আৰু মিজোৰামৰ মুখ্য সচিবসকলক ৪ সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ জাননী জাৰি কৰে।
শুনানি অনুসৰি, "গোচৰটো মৃত আৰু আহতসকলৰ গুৰুতৰ মানৱ অধিকাৰ উলংঘনৰ সৈতে সম্পৰ্কিত। আয়োগে এনে ধৰণৰ ঘটনাক অতি গুৰুত্বসহকাৰে লয়। এই পৰিস্থিতিত প্ৰথমে জাননী প্ৰেৰণ কৰা হওক।"
সেই অনুসৰি, জাননী জাৰি কৰা হৈছে আৰু বিষয়টো ৪ সপ্তাহৰ পিছত সম্পূৰ্ণ আয়োগৰ সন্মুখত ৰখা হ'ব। উল্লেখ্য, ২৬ জুলাইত অসম আৰু মিজোৰামৰ মাজত সীমান্ত বিবাদক লৈ হোৱা হিংসাত্মক সংঘৰ্ষত অসম আৰক্ষীৰ কমেও ছজন জোৱানসহ ৭জন লোক নিহত আৰু ৫০ জনতকৈ অধিক লোক আহত হৈছিল। সীমান্তৰ সংঘাত এতিয়াও মাজে–মাজে চলি থকা দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|