খালী হ'ল নগাঁৱৰ NHPCৰ গুদাম, শীঘ্ৰে ৰে’লৱেক গতাই দিব ভূমি, অথলে গ'ল দল-সংগঠনৰ প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:November 20, 2020, 4:31 PM IST
খালী হ'ল নগাঁৱৰ NHPCৰ গুদাম, শীঘ্ৰে ৰে’লৱেক গতাই দিব ভূমি, অথলে গ'ল দল-সংগঠনৰ প্ৰতিবাদ
NHPCয়ে শেনছোৱাত মজুত কৰিছিল বহু টাৰ্বাইন তথা নদীবান্ধৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বহু সা-সৰঞ্জাম।

NHPCয়ে শেনছোৱাত মজুত কৰিছিল বহু টাৰ্বাইন তথা নদীবান্ধৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বহু সা-সৰঞ্জাম।

  • Share this:
লকডাউন আৰু কোৰোণাৰ আতংকৰ মাজতে NHPCয়ে প্ৰায় সম্পূৰ্ণ কৰিছে বৃহৎ নদীবান্ধ নিৰ্মানৰ কাম। গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি-সোৱণশিৰি বৃহৎ নদীবান্ধৰ সামগ্ৰী মজুতৰ বাবে NHPCয়ে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পৰা ভাড়াত লৈছিল নগাঁৱৰ শেনছোৱা জংছনৰ কাষতে বৃহৎ ভূমি। NHPCয়ে শেনছোৱাত মজুত কৰিছিল বহু টাৰ্বাইন তথা নদীবান্ধৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বহু সা-সৰঞ্জাম।

শেহতীয়াকৈ NHPCৰ গুদামৰ পৰা সামগ্ৰী কোনো কাৰণতে সৰবৰাহ কৰিবলৈ দিয়া ন'হব বুলি হুংকাৰ দিছিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠন কেইটাই NHPCৰ গুদামৰ সন্মুখত গ্ৰহণ কৰিছিল কেইবালানিও প্ৰতিবাদী কাৰ্যসূচী। অৱৰোধ কৰিছিল সামগ্ৰী সৰবৰাহৰ কৰা বাহনো। পিছে অতি গোপনে NHPCয়ে সম্পূৰ্ণ কৰিলে নদী-বান্ধৰ সামগ্ৰী সৰবৰাহৰ কাৰ্য।

বৰ্তমান সম্পূৰ্ণ ৰূপে খালী হ'ল শেনছোৱাস্থিত NHPCৰ গুদাম। খালী হৈ পৰিছে বৃহৎ বৃহৎ টাৰ্বাইন থকা NHPC ৰ পথাৰ। কাৰণ ইতিমধ্যে সকলো টাৰ্বাইন সৰবৰাহ কৰা হৈছে গেৰুকামুখলৈ। আনকি শেনছোৱাৰ মাটিও ৰে’লৱেক পুনৰ চমজাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নদী বান্ধ নিৰ্মাণকাৰী সংস্থাটোৱে। শীঘ্ৰে NHPCয়ে ৰে’লৱেক চমজাই দিব এই ভূমি। লগতে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে গুদামৰ নিৰাপত্তাত নিয়োজিত বহু নিৰাপত্তাৰক্ষীক।

সেয়ে অতি শীঘ্ৰেই যে গেৰুকামুখৰ নদী বান্ধৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব সেয়া নিশ্চিত। কাৰণ লকডাউন আৰু কোৰোণাৰ বাবে থকা চৰকাৰী শিথিলতাৰ পূৰ্ণ সুযোগ লৈ নদী বান্ধ নিৰ্মাণকাৰী সংস্থাটোৱে সম্পূৰ্ণ কৰিছে সামগ্ৰী সৰবৰাহৰ কাম।
Published by: Sanjay Kumar Das
First published: November 20, 2020, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading