ঔষধ নে বৰবিহ! ঔষধৰ নামত কি খাইছে আপুনি?

NHM–এ যোগান ধৰা ২৪বিধ বিনামূলীয়া ঔষধে ভেজাল । ইয়াৰ ভিতৰত জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক NHM–এ যোগান ধৰা পেৰাছিটাম’ল ঔষধ ভেজাল বুলি তথ্য প্ৰকাশ কৰিছে RDTL-এ। 

news18assam
Updated:July 5, 2019, 6:10 PM IST
ঔষধ নে বৰবিহ! ঔষধৰ নামত কি খাইছে আপুনি?
NHM–এ যোগান ধৰা ২৪বিধ বিনামূলীয়া ঔষধে ভেজাল । ইয়াৰ ভিতৰত জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক NHM–এ যোগান ধৰা পেৰাছিটাম’ল ঔষধ ভেজাল বুলি তথ্য প্ৰকাশ কৰিছে RDTL-এ। 
news18assam
Updated: July 5, 2019, 6:10 PM IST
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃততে চলিছে কি? পুনৰ ফাদিল স্বাস্থ্যখণ্ডৰ ফোপোলা ৰূপ। শুনি আচৰিত হ’ব আপুনি, NHM–এ যোগান ধৰা ২৪বিধ বিনামূলীয়া ঔষধে ভেজাল । ইয়াৰ ভিতৰত জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক NHM–এ যোগান ধৰা পেৰাছিটাম’ল ঔষধ ভেজাল বুলি তথ্য প্ৰকাশ কৰিছে RDTL-এ। 

ৰোগীৰ জীৱনক লৈ হেতালি খেলা NHMৰ বিনামূলীয়া ঔষধে হয়তো কাঢ়ি নিছে বহুতৰ জীৱন। এইবাৰ পুনৰ RDTL অৰ্থাৎ Regional drugs testing laboratoryৰ তথ্য প্ৰকাশ। NHM-এ ৰোগীক প্ৰদান কৰা ২৪বিধ ঔষধেই ভেজাল।

News 18ৰ হাতত পৰিছে RDTL-এ ভেজাল বুলি কোৱা ২৪বিধ ঔষধৰ তালিকা । জাপানীজ এনচেফেলাইটিছ ৰোগত NHM-এ প্ৰদান কৰি থকা পেৰাছিটাম’ল ঔষধো ভেজাল  বুলি তথ্য প্ৰকাশ কৰিছে RDTL-এ। তথাপিও কান সাৰ নাই বিয়াগোম স্বাস্থ্য বিভাগৰ ।

অগ্নিভ গগৈৰ এক প্ৰতিবেদন।
আৰু চাওক পৰৱৰ্তী বাতৰি