• Home
  • »
  • News
  • »
  • assam
  • »
  • বদলি হ’ল উজনিৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা NHIDCLৰ মহাপ্ৰবন্ধক

বদলি হ’ল উজনিৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা NHIDCLৰ মহাপ্ৰবন্ধক

২০১৪ চনৰ পৰা বৰ্তমানলৈকে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মানৰ অগ্ৰগতিৰ বিষয়ে জানিলে সকলোৰে চকু কপালত উঠাটো নিশ্চিত।

২০১৪ চনৰ পৰা বৰ্তমানলৈকে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মানৰ অগ্ৰগতিৰ বিষয়ে জানিলে সকলোৰে চকু কপালত উঠাটো নিশ্চিত।

২০১৪ চনৰ পৰা বৰ্তমানলৈকে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মানৰ অগ্ৰগতিৰ বিষয়ে জানিলে সকলোৰে চকু কপালত উঠাটো নিশ্চিত।

  • Share this:
অৱশেষত সলনি হ’ল উজনি অসমৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা NHIDCLৰ  মহাপ্ৰবন্ধকগৰাকী। বিগত আঠ বছৰত যোৰহাটৰ পৰা জাঁজীলৈকে এই পথছোৱাৰ নিৰ্মাণৰ হাৰ অতিকৈ পুতৌজনক। পূৰ্বৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক অপসাৰণ কৰাৰ পিছত জাঁজীৰ পৰা ডিমৌলৈকে চাৰিলেনযুক্ত পথছোৱাৰ নিৰ্মাণ আৰম্ভই হোৱা নাই।

শেহতীয়াকৈ উজনি অসমৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কদৰ্য অৱস্থাৰ ধাৰাবাহিক বাতৰিৰ সমান্তৰালকৈ ছচিয়েল মিডিয়াতো ব্যাপক চৰ্চা চলিছিল এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কদৰ্য অৱস্থাক লৈ। ইয়াৰ পিছত অৱশেষত যেন গা লৰিল চৰকাৰৰ। এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণত সংঘটিত ভয়ংকৰ বিসংগতিৰ ধাৰাবাহিক বাতৰি প্ৰকাশ পোৱাৰ পিছতে শেহতীয়াকৈ NHIDCLৰ উজনি অসম মণ্ডলৰ মহাপ্ৰবন্ধক জেদ এছ বিজয়কুমাৰক বদলি কৰা হয়। তেওঁৰ স্থানত মহাপ্ৰবন্ধক হিচাপে নিযুক্তি দিয়া হৈছে শ্যাম সুন্দৰ চৌধুৰীক।

২০১৪ চনৰ পৰা বৰ্তমানলৈকে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মানৰ অগ্ৰগতিৰ বিষয়ে জানিলে সকলোৰে চকু কপালত উঠাটো নিশ্চিত। NHIDCL কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, বিগত আঠ বছৰত যোৰহাটৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মাণৰ হাৰ হৈছে প্ৰায় ২০%। জাঁজীৰ পৰা ডিমৌলৈ নিৰ্মাণৰ হাৰ প্ৰায় ৪০%, ডিমৌৰ পৰা মৰাণলৈ নিৰ্মাণ সম্পূৰ্ণ হৈছে প্ৰায় ৮০%। কিন্তু নিৰ্মাণ বিসংগতিৰ বাবে ইতিমধ্যে এই পেকেজকেইটাৰ ঠিকাদাৰসকলক অব্যাহতি দিয়া হৈছে। নতুন ঠিকাদাৰক দায়িত্ব দিয়াৰ পিছত যোৰহাট-জাঁজী চাৰিলেনযুক্ত ঘাইপথছোৱা নিৰ্মাণৰ হাৰ হৈছে মাত্ৰ ১.৫৫%। জাঁজীৰ পৰা ডিমৌলৈ চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণ আৰম্ভই হোৱা নাই। এই পথছোৱাত চলি থকা পথ মেৰামতিৰ কামৰ অগ্ৰগতিৰ হাৰ হ’ল প্ৰায় ৩৬%। ইয়াৰ পিছৰ ডিমৌ-মৰাণ পেকেজৰ বাবে নিবিদা আহ্বান কৰা হৈছে। মৰাণ-বগীবিল চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ পেকেজৰ প্ৰায় ৬৪% কাম সম্পূৰ্ণ হৈছে যদিও এই কাম মুঠেই সন্তোষজনক নহয় বুলি জানিবলৈ দিছে নৱনিযুক্ত মহাপ্ৰবন্ধকগৰাকীয়ে।

যোৰহাটৰ পৰা বগীবিল পৰ্যন্ত এই পথছোৱা ইতিমধ্যে মেৰামতি কৰি পথত থকা গাঁতসমূহ নোহোৱা কৰা হৈছে। আৰু কিছুদিনৰ ভিতৰতে এই পথছোৱাৰ মেৰামতি সম্পূৰ্ণ হ’ব বুলি মহাপ্ৰবন্ধকগৰাকীয়ে জানিবলৈ দিয়ে। যোৰহাটৰ পৰা বগীবিললৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিবলৈ আৰু প্ৰায় ৩ বছৰ সময়ৰ প্ৰয়োজন হ’ব। কিন্তু একে সময়তে কাম আৰম্ভ কৰা নুমলীগড়ৰ পৰা যোৰহাটলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ প্ৰায় ৮৭% নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে।

"যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে পথত থকা প্ৰায়বোৰ গাঁতেই পুতি পথছোৱা মেৰামতি কৰা হৈছে। পথছোৱাৰ ওখোৰা–মোখোৰা অংশসমূহ অহা দুসপ্তাসমানৰ ভিতৰতে মেৰামতি কৰি তোলা হ’ব। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ সকলো ঠিকে থাকিলে আৰু প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হব।",  NHIDCLৰ উজনি অসম মণ্ডলৰ মহাপ্ৰবন্ধক শ্যাম সুন্দৰ চৌধুৰীয়ে এনেদৰে কয়।

পূৰ্বৰ ঠিকাদাৰক বদলি কৰি বৰ্তমান নতুন ঠিকাদাৰী প্ৰতিষ্ঠানক কামৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত উজনিৰ পথ যোগাযোগৰ ৰাজহাড় স্বৰূপ এই পথছোৱাৰ নিৰ্মাণৰ কামে কেনে গতি লয় সেয়া লক্ষণীয় হ’ব। আনহাতে যোৰহাট জিলা প্ৰশাসনেও এই সমগ্ৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰি কামৰ অগ্ৰগতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি জানিবলৈ দিছে।
Published by:Sanjay Kumar Das
First published: