এই সময়তে উপস্থিত হয়হি চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন। চৰকাৰে কোনো পদক্ষেপ নল’লে নিজাববীয়াকৈ পদক্ষেপ ল’ব বুলি জানিবলৈ দিয়ে বিধায়কজনে।
এই সময়তে উপস্থিত হয়হি চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন। চৰকাৰে কোনো পদক্ষেপ নল’লে নিজাববীয়াকৈ পদক্ষেপ ল’ব বুলি জানিবলৈ দিয়ে বিধায়কজনে।
চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত অসমীয়াৰ কলা–সংস্কৃতিৰ স্বাভিমানৰ ওপৰত পুনৰ কুঠাৰঘাত বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাৰ। চামগুৰিৰ গৌৰৱ তথা সকলোৰে চিৰপৰিচিত পকী শৰাই, জাঁপি, পেঁপা, তাল সম্বলিত প্ৰতীকচিহ্নক ৰাইজৰ অগোচৰে চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাই ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি ক্ষোভৰ সৃষ্টি হৈছে চামগুৰিৰ সৰ্বত্ৰে।
এই সময়তে উপস্থিত হয়হি চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন। চৰকাৰে কোনো পদক্ষেপ নল’লে নিজাববীয়াকৈ পদক্ষেপ ল’ব বুলি জানিবলৈ দিয়ে বিধায়কজনে। আনহাতে, দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’বলৈ চামগুৰিত উপস্থিত হয় নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকা আৰু নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভনসহ বিজেপিৰ দলীয় নেতা–কৰ্মী।
স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি পুনৰ সংস্থাপিত কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে ফ’ৰলেন কৰ্তৃপক্ষৰ গাফলতিৰ ফলত ভাঙি যোৱা অসমীয়াৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ শৰাইখন সঠিক স্থানত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে পীযূষ হাজৰিকাই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|