বাঘজানত সম্পূৰ্ণ অবৈধ ভাৱে গেছ নিষ্কাশন কৰি আছিল অইলে, NGTয়ে গঠন কৰা কটকী কমিটীয়ে দিলে প্ৰতিবেদন 

News18 Assam | News18-Assam
Updated:November 4, 2020, 10:08 PM IST
বাঘজানত সম্পূৰ্ণ অবৈধ ভাৱে গেছ নিষ্কাশন কৰি আছিল অইলে, NGTয়ে গঠন কৰা কটকী কমিটীয়ে দিলে প্ৰতিবেদন 
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT) বাঘজান তৈল খাদ (Oil Field) বিস্ফোৰণৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া ন্যায়াধীশ বি পি কটকী কমিটীয়ে দাখিল কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT) বাঘজান তৈল খাদ (Oil Field) বিস্ফোৰণৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া ন্যায়াধীশ বি পি কটকী কমিটীয়ে দাখিল কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য।

  • Share this:
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT) বাঘজান তৈল খাদ (Oil Field) বিস্ফোৰণৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া ন্যায়াধীশ বি পি কটকী কমিটীয়ে দাখিল কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য। নৱেম্বৰৰ ৩ তাৰিখে কমিটীয়ে জমা দিয়া অন্তৱর্তীকালীন প্ৰতিবেদনত অইল ইণ্ডিয়া লিমিটেডে বাঘজানকে ধৰি ২৬টা তৈল খাদ কোনো ধৰণৰ বাধ্যতামূলক পৰিৱেশ সম্বন্ধীয় অনুমোদন  (Environmental Clearance) নোহোৱাকৈ পৰিচালনা কৰি আছিল বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে, বিস্ফোৰণ হোৱা তৈল খাদ্য ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত আৰু দুৰ্ঘটনাৰ ১৬০ দিনৰ পাছতো অইল কৰ্তৃপক্ষই জুই নিৰ্বাপন কৰিব পৰা নাই।

যোৱা ২৬ জুন তাৰিখে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বিস্ফোৰণৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপি কটকীৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছিল । কমিটীয়ে চিহ্নিত কৰা ১৭৩টা ক্ষতিগ্ৰস্ত পৰিয়ালক ২৫ লাখ টকা আৰু জিলা প্ৰশাসনে চিহ্নিত কৰা ৪৩৯টা পৰিয়ালক ২০ লাখ টকা ক্ষতিপূৰণ দিবলৈও পৰামৰ্শ প্ৰদান কৰিছে। কমিটীয়ে দাঁতিকাষৰীয়া অঞ্চলত  গৰ্ভৱতী মহিলাৰ বিস্ফোৰণৰ ফলত গৰ্ভপাত হৈছে বুলিও প্ৰতিবেদনত উল্লেখ কৰিছে।

কটকী কমিটীয়ে NGTক দাখিল কৰা অন্তৱর্তীকালীন প্ৰতিবেদনখনত OIL -এ বায়ু, পানী আৰু পৰিবেশ সুৰক্ষাৰ সকলো আইন অমান্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি অইলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । তেল-গেছ নিষ্কাশনৰ কাৰণে Water Act, Air Act আৰু Hazardous Waste Rule 2016ৰ অধীনত ল’বলগীয়া কোনো ধৰণৰ অনুমোদন OILৰ হাতত নাছিল বুলিও উল্লেখ কৰা হৈছে প্ৰতিবেদনত ।

উল্লেখযোগ্য যে অইলে পূৰ্বতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত তেল নিষ্কাশন কৰিবলৈ প্ৰয়োজনীয় সকলো অনুমোদন লাভ কৰা বুলি উল্লেখ কৰিছিল। আনহাতে ২০১৭ চনত উচ্চতম ন্যায়ালয়েঅইলক চৰ্ত সাপেক্ষে তেল নিষ্কাশন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। চৰ্তটো আছিল, কাম আৰম্ভ কৰাৰ পূৰ্বে অইলে Biodiversity Impact Assessment কৰিব লাগিব। কিন্তু প্ৰতিবেদন উল্লেখ কৰা মতে অইলে Biodiversity Impact Assessment নকৰাকৈ Hydrocarbon নিষ্কাশন আৰম্ভ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নির্দেশ মৰ্মে অইলে Assam State Biodiversity Boardৰ যোগেদি এই Assessment  কৰাটো বাধ্যতামূলক আছিল। তেনেস্থলত নৱৰত্ন প্ৰতিষ্ঠানটোৱে উচ্চতম ন্যায়ালয়কো অৱমাননা কৰিছে ক'ব খোজে কমিটীখনে।

অন্যহাতে অইলে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিধিও উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ন্যায়াধীশ কটকী কমিটীয়ে। প্ৰতিবেদনত উল্লেখ থকা মতে, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ২০১৬ চনত সেই অঞ্চলটোক সংবেদনশীল হিচাপে চিহ্নিত কৰিছিল। অসম চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এই সিদ্ধান্ত ২০১৯ গ্ৰহণ কৰিছিল । কিন্তু বৰ্ডৰ অনুমোদন নোহোৱাকৈয়ে অইলে গেছ নিষ্কাশনৰ কাম আৰম্ভ কৰিছিল। কমিটীয়ে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বর্ডক অইলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’বলৈও পৰামৰ্শ প্ৰদান কৰিছে।

কমিটীখনে ডিচেম্বৰৰ ১৫ তাৰিখে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব।
Published by: Himangshu Bhuyan
First published: November 4, 2020, 10:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি