অসমৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন বিলোৱা NGOক দিল্লীত কিয় খেদিছিল একেটা কামৰ পৰা?

News18-Assam
Updated:November 2, 2019, 9:59 AM IST
অসমৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন বিলোৱা NGOক দিল্লীত কিয় খেদিছিল একেটা কামৰ পৰা?
News18-Assam
Updated: November 2, 2019, 9:59 AM IST
অসমৰ বিভিন্ন বিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা মধ্যাহ্ন ভোজন বিলোৱাৰ দায়িত্ব লৈছে একাংশ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে। এই NGO সমূহে বিলোৱা খাদ্য, লেতেৰা, অপৰিচ্ছন্ন আৰু নিম্নমানৰ হোৱাৰ লগতে খাদ্য বিলাওতে বিভিন্ন বেমেজালিৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে। ইয়াৰ মাজতে তিনিচুকীয়াৰ বহুকেইখন বিদ্যালয়ত খাদ্য বিলোৱা ঘনশ্যাম সেৱা সমিতি নামৰ NGOটোৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক বিশেষ তথ্য। এই তথ্য অনুসৰি কেবাবছৰৰ পূৰ্বে এই NGO–টোৱে দিল্লীৰ বিভিন্ন বিদ্যালয়তো মধ্যাহ্ন ভোজন বিলোৱাৰ দায়িত্ব লাভ কৰিছিল আৰু তেতিয়া একেধৰণৰ অভিযোগ উত্থাপন হোৱাৰ কাৰণে প্ৰথমতে তদন্তৰ নিৰ্দেশ দিয়া হৈছিল আৰু তাৰ পিছত তদন্তত NGOটো নিৰ্দোষী নোলোৱাত তেওঁলোকৰ সৈতে চৰকাৰে চুক্তি বাতিল কৰিছিল। আমাৰ হাতত আছে দিল্লী চৰকাৰৰ সেই নিৰ্দেশনা পত্ৰ। ইয়াত আপোনালোকে স্পষ্টকৈ দেখা পাব যে লেতেৰা, অস্বাস্থ্যকৰ আৰু পোক–পৰুৱা–পইতাঁচোৰাৰে ভৰি থকা খাদ্য যোগান ধৰাৰ কাৰণে ঘনশ্যাম সেৱা সমিতিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ বাধ্য হৈছিল চৰকাৰ। সেই দাগী NGOক অসমত বৰপীৰা পাৰি ছাত্ৰ–ছাত্ৰীক খাদ্য যোগান ধৰিবলৈ দিছে চৰকাৰে। অতি আচৰিত! 
আৰু চাওক পৰৱৰ্তী বাতৰি