নতুনকৈ গঠন হোৱা স্বেচ্ছাসেৱী সংগঠন SOCIETY FOR UTSAAH PRODUCTION (UTSAAH)ৰ উদ্যোগত সোমবাৰে (২৭ জুন) বানপীড়িত শ'লপাম আৰু কুৰুৱাৰ কিছু অঞ্চলৰ ৰাইজৰ মাজত ১০০০ লিটাৰ পানী বিতৰণ কৰে। শেহতীয়া বানে জুৰুলা কৰি পেলোৱা শ’লপাম গাঁৱৰ ৰাইজ পানীৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈ থকাত সংগঠনটোৱে এই কাৰ্যসূচী হাতত লয়। ইয়াৰ লগতে অন্য কিছু সা-সামগ্ৰীৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয় বানাক্ৰান্ত লোকসকল। NGOটোৱে গাঁওখনৰ দক্ষিণ চুবাৰ দুগ্ধৰাম নাথৰ পৰিয়ালটোক আৰ্থিক সাহায্যও প্ৰদান কৰে।