উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি দার্জিলিং হিমালয়ান ৰেলৱে (ডিএইচআৰ)ৰ ৰংটং আৰু তিনধৰিয়া খণ্ডত কিঃমিঃ ১৮/০৪-০৫ ৰ মাজত ভূমিস্খলনৰ বাবে ৰেলৱে লাইন ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ৫২৫৪০/৫২৫৪১ (দার্জিলিং-কার্শিয়াং-নিউ জলপাইগুড়ী আৰু নিউ জলপাইগুড়ী-কার্শিয়াং-দার্জিলিং) পেছেঞ্জাৰ ৰে'লখনৰ সেৱা ২৫ ছেপ্টেম্বৰ, ২০২২ তাৰিখলৈকে বাতিল থাকিব।
লগতে যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ বিদ্যমান দিন, ষ্টপেজ আৰু গঠনৰ সৈতে ৰে'ল নং, ০১৬৬৫/০১৬৬৬ (ৰাণী কমলাপতি-আগৰতলা ৰাণী কমলাপতি) এক্সপ্ৰেছ স্পেচিয়েল ৰে'লৰ সেৱা ২৬ টা ট্রিপৰ বাবে বৃদ্ধি কৰা হৈছে। পাটলিপুত্ৰ ষ্টেচনত ৰেলখনৰ সময়সূচী সংশোধন কৰা হৈছে।
ৰে'ল নং ০১৬৬৫ (ৰাণী কমলাপতি-আগৰতলা) বিশেষ ৰেলখন ০৬ অক্টোবৰ, ২০২২ ৰ পৰা ৩০ মার্চ, ২০২৩ তাৰিখলৈ প্ৰত্যেক বৃহস্পতিবাৰে ১৫.৩০ বজাত ৰাণী কমলাপতিৰ পৰা এৰি পৰৱৰ্তী দিনৰ ১০.০০ বজাত পাটলিপুত্ৰ ষ্টেচন পাবগৈ আৰু ১০.১০ বজাত পাটলিপুত্ৰ ষ্টেচনৰ পৰা এৰি প্ৰত্যেক শনিবাৰে ১৯.৫৫ বজাত ইয়াৰ অন্তিম গন্তব্যস্থান আগৰতলাত গৈ উপস্থিত হ'ব। ৰে'ল নং ০১৬৬৬ (আগৰতলা-ৰাণী কমলাপতি) বিশেষ ৰে'লখন ০৯ অক্টোবৰ, ২০২২ ৰ পৰা ০২ এপ্রিল ২০২৩ তাৰিখলৈ প্ৰত্যেক ৰবিবাৰে ১৫.০০ বজাত আগৰতলাৰ পৰা এৰি পৰৱৰ্তী দিনৰ ২২.৩৫ বজাত পাটলিপুত্ৰ পাবগৈ আৰু তাৰপৰা ২২.৪৫ বজাত এৰি প্ৰত্যেক মঙ্গলবাৰে ১৬.৩৫ বজাত ইয়াৰ অন্তিম গন্তব্যস্থান ৰাণী কমলাপতিত গৈ উপস্থিত হ'ব।
ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে'লখন জবলপুৰ, বাৰাউনি, কাটিহাৰ, নিউ জলপাইগুড়ী, গুৱাহাটী, নিউ হাফলং আৰু ধৰ্মনগৰ ষ্টেচন হৈ চলাচল কৰিব।
এই ৰে'লখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবচাইট আৰু এনটিইএছৰ জৰিয়তে উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফর্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|