• Home
  • »
  • News
  • »
  • assam
  • »
  • Har Ghar Tiranga : 'ঘৰে ঘৰে তিৰংগা' কাৰ্যসূচীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ পদক্ষেপ

Har Ghar Tiranga : 'ঘৰে ঘৰে তিৰংগা' কাৰ্যসূচীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ পদক্ষেপ

৫৭,৭৭০ গৰাকী বিষয়া-কৰ্মচাৰীৰ বাবে পাইকাৰী দৰত ৰাষ্ট্ৰীয় পতাকা ক্ৰয়

৫৭,৭৭০ গৰাকী বিষয়া-কৰ্মচাৰীৰ বাবে পাইকাৰী দৰত ৰাষ্ট্ৰীয় পতাকা ক্ৰয়

৫৭,৭৭০ গৰাকী বিষয়া-কৰ্মচাৰীৰ বাবে পাইকাৰী দৰত ৰাষ্ট্ৰীয় পতাকা ক্ৰয়

  • Share this:
স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে সমগ্ৰ দেশজুৰি পালন কৰা হৈছে 'স্বাধীনতাৰ অমৃত মহোৎসৱ'। এইবাৰৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা হ'ব 'ঘৰে ঘৰে তিৰংগা' কাৰ্যসূচী। এই 'ঘৰে ঘৰে তিৰংগা' কাৰ্যসূচীক লৈ উত্তৰ-পূব সীমান্ত ৰে'লৱেই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। জানিব পৰা মতে, উত্তৰ-পূব সীমান্ত ৰে'লৱেই ইয়াৰ অন্তৰ্গত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে পাইকাৰী দৰত ক্ৰয় কৰিছে ৰাষ্ট্ৰীয় পতাকা। এই পতাকাৰ বাবদ বিষয়া-কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা ৫০ টকাকৈ কৰ্তন কৰা হ'ব।

উল্লেখ্য যে, উত্তৰ-পূব সীমান্ত ৰে'লৱেত ৫৭,৭৭০ গৰাকী বিষয়া-কৰ্মচাৰী কৰ্মৰত হৈ আছে। এইসকল বিষয়া-কৰ্মচাৰীলৈ পতাকা ক্ৰয়ৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই মুঠ ২৮,৮৮,৫০০ টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে। জানিব পৰা মতে, চলিত মাহৰ দৰমহাৰ পৰাই কৰ্তন হ'ব এই ৫০ টকা।

ইতিমধ্যেই উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই ক্ৰয় কৰিছে ৰাষ্ট্ৰীয় পতাকাসমূহ। সংবাদ মাধ্যমক এই কথা জনালে উত্তৰ-পূব সীমান্ত ৰে'লৱে মহাপ্ৰৱন্ধক আঞ্চুল গুপ্তাই। লগতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সকলো কৰ্মচাৰীক 'ঘৰে ঘৰে তিৰংগা' কাৰ্যসূচীৰ বাবে উৎসাহিত কৰিবলৈ ৰে'লৱেৰ তৰফৰ পৰা এই বিশেষ পদক্ষেপ লোৱা বুলিও কয় মহাপ্ৰৱন্ধকজনে।
Published by:Sanjay Kumar Das
First published: