নিবনুৱাৰ বাবে সুখবৰ! এন এফ ৰে’লৱেই প্ৰদান কৰিছে বিশেষ সুবিধা

আবেদন কৰিবলৈ প্ৰাৰ্থী গড়ে ৫০ শতাংশ নম্বৰসহ দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

News18-Assam
Updated:September 29, 2019, 3:28 PM IST
নিবনুৱাৰ বাবে সুখবৰ! এন এফ ৰে’লৱেই প্ৰদান কৰিছে বিশেষ সুবিধা
আবেদন কৰিবলৈ প্ৰাৰ্থী গড়ে ৫০ শতাংশ নম্বৰসহ দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
News18-Assam
Updated: September 29, 2019, 3:28 PM IST
নিবনুৱাসকলৰ বাবে ভাল খবৰ। উত্তৰ–পূব সীমান্ত ৰে’লৱেই নিবনুৱাসকলৰ বাবে আগবঢ়াইছে বিশেষ প্ৰশিক্ষণৰ সুবিধা। এপ্ৰেণ্টিকছ আইন ১৯৬১ৰ অধীনত ২৫৯০ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ’ব এই প্ৰশিক্ষণ। ৱেল্ডাৰ, ফিটাৰ, কাৰ্পেণ্টাৰ, ডিজেল মেকানিক, ইলেকট্ৰিচিয়ান, এ চি মেকানিককে ধৰি বিভিন্ন কাৰিকৰী শাখাত প্ৰশিক্ষণ প্ৰাৰ্থীক। আবেদন কৰিবলৈ প্ৰাৰ্থী গড়ে ৫০ শতাংশ নম্বৰসহ দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। আবেদন পত্ৰৰ লগত গাঠি দিব লাগিব নিৰ্দিষ্ট বিভাগৰ আই টি আইৰ প্ৰমাণপত্ৰ। প্ৰাৰ্থীৰ বয়স ১৬ বছৰৰ পৰা ২৪ বছৰ হ’ব লাগিব। অৱশ্যে এছ চি, এছ টি, অ’ বি চি আদিৰ ক্ষেত্ৰত বয়সৰ কিছু ৰেহাই দিয়া হ’ব। আবেদন পত্ৰ দাখিলৰ অন্তিম দিন ৩১ অক্টোবৰ। অধিক তথ্যৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৱেবছাইটত চাব পাৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি