উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই টিকটবিহীন আৰু অনিয়মিত ভ্ৰমণক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে নিয়মিতৰূপত তীব্ৰভাৱে টিকট পৰীক্ষণ অভিযান চলাই আহিছে।
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ৰে'লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ নেতৃত্বত, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধিক সক্ৰিয় টিকট পৰীক্ষণ দলে এপ্ৰিলৰ পৰা আগষ্ট ২০২২ লৈকে কেইবাটাও টিকট পৰীক্ষণ অভিযান চলায়, যাৰ পৰিণামস্বৰূপে ২৯.৮৬ কোটি টকাতকৈয়ো অধিক পৰিমাণৰ ধনৰাশি অৰ্জন কৰে।
টিকটবিহীন ৰে'ল ভ্ৰমণৰ প্ৰৱণতা হ্ৰাস কৰিবলৈ বিগত ৩ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন ৰে'ল ষ্টেচনত এক বিশেষ টিকট পৰীক্ষণ অভিযানো চলোৱা হয়। অভিযানৰ সময়ত ৫৪৭টা ঘটনা ধৰা পৰে আৰু অতিৰিক্ত ভাড়া আৰু জৰিমনাৰ বাবদ ৪.০৯ লাখ টকাতকৈয়ো অধিক পৰিমাণৰ ধন সংগ্ৰহ কৰে।
উল্লেখ্য যে, উক্ত প্ৰেছ বিজ্ঞপ্তিটোত জনোৱা মতে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্টলৈকে টিকটবিহীন/অনিয়মিত টিকটত ভ্ৰমণ কৰা ৩,৭৫,০৩১টা ঘটনা ধৰা পেলোৱা হয় আৰু অতিৰিক্ত ভাড়া ও জৰিমনাৰ বাবদ ২৯.৮৬ কোটি টকাৰ ধনৰাশি অৰ্জন কৰা হয়। জৰিমনা গোচৰৰ সংখ্যাৰ ক্ষেত্ৰত ই সৰ্ব্বমুঠ ৩২৬.৫৫% অধিক আৰু জৰিমনা উপাৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ বছৰৰ এই একেই সময়ৰ তুলনাত ৬৯৮.৭৬% অধিক। বিশেষ অভিযানৰ সময়ত ৩,৩৭২টা বুক নোহোৱা লাগেজৰ ঘটনা ধৰা পেলোৱা হয় আৰু চলিত বিত্তীয় বৰ্ষৰ আগষ্ট, ২০২২ লৈকে এই সন্দৰ্ভত ৬ লাখ টকাতকৈয়ো অধিক পৰিমাণৰ ধন অৰ্জন কৰা হয়।
সঠিক টিকট অবিহনে বা অনুমোদিত দূৰত্বৰ বাহিৰত ভ্ৰমণ কৰিলে অতিৰিক্ত মাচুল আৰু ভাড়া আৰোপ কৰা হয় বুলি উক্ত প্ৰেছ বিজ্ঞপ্তিত জনোৱা হৈছে। যদি এজন যাত্ৰীয়ে এই পৰিশোধ কৰাত বিফল হয় বা দাবী অনুসৰি পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁক পৰিশোধ ৰক্ষা নকৰাৰ অভিযোগত ৰেল আইন, ১৯৮৯ ৰ সংশ্লিষ্ট ধাৰাৰ অধীনত তেওঁক দণ্ডিত কৰা হয় বুলি জানিব পৰা গৈছে।
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই সাধাৰণ ৰাইজক সঠিক আৰু বৈধ টিকটৰ সৈতে ভ্ৰমণ কৰিবলৈ আৰু অসুবিধা পৰিহাৰ কৰাৰ বাবে বৈধ পৰিচয় পত্ৰ লগত নিবলৈ অনুৰোধ কৰিছে। এতিয়াৰে পৰা যাত্ৰীসকলে তেওঁলোকৰ স্মাৰ্ট ফোনত আনৰিজাৰ্ভ টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনৰ জৰিয়তে দেশৰ এটা অংশৰ পৰা আন এটা প্ৰান্তলৈ অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰিব। ইউটিএছ এপ্লিকেচনটো এণ্ড্ৰইড আৰু এপল এপ্প-ষ্ট'ৰ দুয়োটাৰ পৰা ডাউনলোড কৰিব পাৰিব বুলি বিজ্ঞপ্তিটোত প্ৰকাশ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|