• Home
  • »
  • News
  • »
  • assam
  • »
  • উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ আৰপিএফৰ দ্বাৰা ৬ জন বাংলাদেশীক কৰায়ত্ত; ১২ গৰাকী নাবালক/নাবালিকা আৰু এগৰাকী মহিলাকো উদ্ধাৰ

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ আৰপিএফৰ দ্বাৰা ৬ জন বাংলাদেশীক কৰায়ত্ত; ১২ গৰাকী নাবালক/নাবালিকা আৰু এগৰাকী মহিলাকো উদ্ধাৰ

আৰপিএফে চলোৱা বিভিন্ন তালাচী আৰু অভিযানৰ সময়ছোৱাত বিভিন্ন ষ্টেচনৰ পৰা ১২ জন নাবালক/নাবালিকা আৰু এগৰাকী মহিলাক উদ্ধাৰ কৰাৰ লগতে ছয়জন বাংলাদেশীক আটক কৰিবলৈ সক্ষম হয়।

আৰপিএফে চলোৱা বিভিন্ন তালাচী আৰু অভিযানৰ সময়ছোৱাত বিভিন্ন ষ্টেচনৰ পৰা ১২ জন নাবালক/নাবালিকা আৰু এগৰাকী মহিলাক উদ্ধাৰ কৰাৰ লগতে ছয়জন বাংলাদেশীক আটক কৰিবলৈ সক্ষম হয়।

আৰপিএফে চলোৱা বিভিন্ন তালাচী আৰু অভিযানৰ সময়ছোৱাত বিভিন্ন ষ্টেচনৰ পৰা ১২ জন নাবালক/নাবালিকা আৰু এগৰাকী মহিলাক উদ্ধাৰ কৰাৰ লগতে ছয়জন বাংলাদেশীক আটক কৰিবলৈ সক্ষম হয়।

  • Share this:
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনী চমুকৈ আৰপিএফে অবৈধ প্ৰব্ৰজনকাৰী, ৰহিংগীয়া আৰু মানৱ সৰবৰাহ, অনুমোদন নথকা হকিং, ভিক্ষাবৃত্তি আদিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। বিগত ৩০ ছেপ্টেম্বৰৰ পৰা ০৬ অক্টোবৰ, ২০২২ তাৰিখলৈআৰপিএফে ৰে'লৱেৰ অন্তৰ্গত বিভিন্ন স্থানত চলোৱা বিভিন্ন তালাচী আৰু অভিযানৰ সময়ছোৱাত বিভিন্ন ষ্টেচনৰ পৰা ১২ জন নাবালক/নাবালিকা আৰু এগৰাকী মহিলাক উদ্ধাৰ কৰাৰ লগতে ছয়জন বাংলাদেশীক আটক কৰিবলৈ সক্ষম হয়। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি বিগত ৪ অক্টোবৰ, ২০২২ তাৰিখে সংঘটিত এক ঘটনাত, বদৰপুৰৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ এটি দলে বিহাৰা ৰে'ল ষ্টেচনত নিয়মীয়া তালাচী অভিযান চলায়। অভিযানৰ সময়চোৱাত তেওঁলোকে ৬ জন বাংলাদেশীক (৪ পুৰুষ আৰু ২ মহিলা) চিনাক্ত কৰিবলৈ সক্ষম হয়। সোধা-পোছাৰ সময়ছোৱাত বালাংদেশী নাগৰিককেইজনে বৈধ নথিপত্ৰ দেখুৱাব নোৱাৰিলে আৰু পিছত স্বীকাৰ কৰিলে যে তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। পিছত কৰায়ত্ত কৰা ৬ জন বাংলাদেশী নাগৰিকক আৰপিএফ/পোষ্ট/বদৰপুৰলৈ অনা হয় আৰু পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰপ্ৰাপ্ত বিষয়া/চৰকাৰী ৰে'ল আৰক্ষী/বদৰপুৰৰ হাতত গতাই দিয়া হয়।

উল্লেখযোগ্য যে, ৩০ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰ, ২০২২-ৰ ভিতৰত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অন্তৰ্গত বদৰপুৰ, কুমাৰঘাট, ডিমাপুৰ, কাটিহাৰ আৰু হাচিমাৰা ষ্টেচনত চলোৱা বিভিন্ন তালাচী আৰু অভিযানৰ সময়ত ১২ গৰাকী নাবালক/নাবালিকা আৰু এগৰাকী মহিলাকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ষ্টেচন আৰু ৰে'লত নিয়োজিত ৰে'লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে অবৈধ প্ৰব্ৰজনকাৰী, ৰহিংগীয়া আৰু মানৱ সৰবৰাহত জড়িত সন্দেহযুক্ত ব্যক্তিৰ বিৰুদ্ধে অতি সজাগ হৈ থাকে। তেওঁলোকে সন্দেহজনক ভাৱে, অকলে ভ্ৰমণ কৰা, সঠিক অভিভাৱক অবিহনে ৰেলত ভ্ৰমণ কৰা আদি শিশু সকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে বিজ্ঞপ্তিযোগে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই জনায়।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি