• Home
  • »
  • News
  • »
  • assam
  • »
  • উত্তৰ পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা পুৰণি ৰে'লৰ ডবা কোচ ৰেষ্টুৰেণ্টলৈ পৰিৱৰ্তন

উত্তৰ পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা পুৰণি ৰে'লৰ ডবা কোচ ৰেষ্টুৰেণ্টলৈ পৰিৱৰ্তন

ৰে'লৰ ডবা কোচ ৰেষ্টুৰেণ্টবোৰ ভ্ৰমণকাৰীসকলৰ আকৰ্ষণৰ বাবে নান্দনিক আৰু সুন্দৰ ঐতিহ্যৰ দৃষ্টিনন্দন ৰূপেৰে ডিজাইন কৰা হৈছে।

ৰে'লৰ ডবা কোচ ৰেষ্টুৰেণ্টবোৰ ভ্ৰমণকাৰীসকলৰ আকৰ্ষণৰ বাবে নান্দনিক আৰু সুন্দৰ ঐতিহ্যৰ দৃষ্টিনন্দন ৰূপেৰে ডিজাইন কৰা হৈছে।

ৰে'লৰ ডবা কোচ ৰেষ্টুৰেণ্টবোৰ ভ্ৰমণকাৰীসকলৰ আকৰ্ষণৰ বাবে নান্দনিক আৰু সুন্দৰ ঐতিহ্যৰ দৃষ্টিনন্দন ৰূপেৰে ডিজাইন কৰা হৈছে।

  • Share this:
এলএইচবি ডবাৰ প্ৰসাৰৰ লগে লগে ভাৰতীয় ৰে'লৱেৰ পৰা পুৰণি ডবাসমূহ ক্ৰমান্বয়ে অপসাৰণ কৰা হৈ আছে। ৰে'লৱেই ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা পুৰণি ডবাসমূহ বৰ্তমানে কোচ ৰেষ্টুৰেন্টৰ বাবে ব্যৱহাৰ কৰা হৈছে। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ইয়াৰ কিছুমান পুৰণি ৰে'লৰ ডবা, যিবোৰ ব্যৱহাৰৰ বাবে উপযুক্ত নহয়, সেইবোৰক পৰিৱৰ্তন কৰি ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ইতিমধ্যে কাটিহাৰত এনে এখন কোচ ৰেষ্টুৰেণ্ট মুকলি কৰিছে আৰু আন এখন ৰেষ্টুৰেণ্টো নিউ জলপাইগুড়ী ষ্টেচন পৰিসৰত আৰম্ভ কৰাৰ বাবে সাজু কৰা হৈছে। এই ৰে'লৱেৰ পাঁচটা মণ্ডলৰ বিভিন্ন স্থানত এনে ধৰণৰ আৰু ১৫ খন কোচ ৰেষ্টুৰেণ্ট স্থাপনৰ কাম চূড়ান্ত কৰা হৈছে বিজ্ঞপ্তিটোত প্ৰকাশ।

উল্লেখ্য যে, ইতিমধ্যে কাটিহাৰ মণ্ডলত দুখন কোচ ৰেষ্টুৰেণ্ট, দাৰ্জিলিং আৰু যোগবানীত এখনকৈ স্থাপন কৰাৰ বাবে চূড়ান্ত কৰা হৈছে। আলিপুৰদুৱাৰ মণ্ডলত নিউ কোচবিহাৰ, নিউ আলিপুৰদুৱাৰ, মাদাৰিহাট, লতাগুৰী, চালসা, ৰাজা ভাত খাৱা আৰু নিউ মালত প্ৰত্যেকত এখনকৈ কোচ ৰেষ্টুৰেন্ট স্থাপনৰ কাম চূড়ান্ত কৰা হৈছে। ৰঙিয়া মণ্ডলৰ ৰঙিয়া আৰু ৰঙাপাৰা নৰ্থত, লামডিং মণ্ডলত তিনিখন কোচ ৰেষ্টুৰেণ্ট, গুৱাহাটীত দুখন আৰু ডিফুত এখন, তিনিচুকীয়া মণ্ডলৰ নিউ তিনিচুকীয়াত এখন কোচ ৰেষ্টুৰেণ্ট স্থাপনৰ বাবে চূড়ান্ত কৰা হৈছে।



তদুপৰি, এনে কোচ ৰেষ্টুৰেণ্ট প্ৰৱৰ্তন কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ ৪৩ টা স্থান বাছনি কৰা হৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ তৰফৰপৰা জনাইছে। কাটিহাৰত ৬ টা, আলিপুৰদুৱাৰত ৮ টা, ৰঙিয়াত ১৪ টা, লামডিঙত ১১ টা, আৰু তিনিচুকীয়া মণ্ডলত ৪ টা স্থানত কোচ ৰেষ্টুৰেন্টৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ কাম প্ৰক্ৰিয়াধীন অৱস্থাত আছে।

ৰে'লৱেই জনোৱা মতে কোচ ৰেষ্টুৰেণ্টবোৰ ভ্ৰমণকাৰীসকলৰ আকৰ্ষণৰ বাবে নান্দনিক আৰু সুন্দৰ ঐতিহ্যৰ দৃষ্টিনন্দন ৰূপেৰে ডিজাইন কৰা হৈছে। মানুহে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ৰেলৰ ডবাত খোৱাৰ অভিজ্ঞতা লাভ কৰাৰ সময়ত এক নান্দনিক অনুভূতি উপভোগ কৰিব পাৰিব। কোচ ৰেষ্টুৰেণ্টত খাদ্য, জলপান আৰু পানীয় সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা থাকিব।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ এই পদক্ষেপে ৰে'লৱেৰ বাবে ভাড়া ৰহিত ৰাজহ সৃষ্টি কৰাৰ উপৰিও দক্ষ আৰু অদক্ষ কৰ্মী উভয়ৰে কৰ্মসংস্থান সৃষ্টি কৰিব বুলি আশা কৰা হৈছে বুলি বিজ্ঞপ্তিটোত প্ৰকাশ কৰে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি