• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ ৰে’ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! সলনি কৰা হৈছে কেইবাখনো ৰে’লৰ সময়সূচী

অসমৰ ৰে’ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! সলনি কৰা হৈছে কেইবাখনো ৰে’লৰ সময়সূচী

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি (IRCTC) ৱেবছাইটত আৰু এনটিইএছ (NTES)ৰ জৰিয়তে উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি (IRCTC) ৱেবছাইটত আৰু এনটিইএছ (NTES)ৰ জৰিয়তে উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি (IRCTC) ৱেবছাইটত আৰু এনটিইএছ (NTES)ৰ জৰিয়তে উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে।

  • Share this:
উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১৫৪১৭/১৫৪১৮ৰ (আলিপুৰদুৱাৰ জংচন–শিলঘাট টাউন- আলিপুৰদুৱাৰ জংচন) ৰাজ্য ৰাণী এক্সপ্ৰেছৰ সময়সূচী লামডিং মণ্ডলৰ অধীনত নগাঁও ষ্টেচনৰ বৰ্তমান থকা ষ্টপেজৰ সময়সূচী পাৰ্চেল পৰিবহনৰ লোডিং/আনলোডিং কৰাৰ সুবিধা আৰু মজুতকাৰকসকলক লাভান্বিত কৰাৰ অৰ্থে ০২ মিনিটৰ পৰা ০৫ মিনিটলৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও ১৫৬৩৫/১৫৬৩৬ নং (ওখা–গুৱাহাটী-ওখা) দ্বাৰকা এক্সপ্ৰেছ ৰে'লখনৰ পৰীক্ষামূলক ভিত্তিত ২০ আগষ্ট, ২০২২ ৰ পৰা ১৯ ফেব্ৰুৱাৰী, ২০২৩ লৈ ছয় মাহৰ বাবে পশ্চিম মধ্য ৰে'লৱেৰ ভৱানী মাণ্ডি ষ্টেচনত এটা অতিৰিক্ত ষ্টপেজ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে ১৫৬৫৪ নং (জম্মু তৱী-গুৱাহাটী) অমৰনাথ এক্সপ্ৰেছ ৰেলখনৰ সময়সূচী, পূৰ্ব মধ্য ৰেলৱেৰ সমস্তিপুৰ ষ্টেচনত অহা ২১ আগষ্ট, ২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন হ'ব। এই সকলোবোৰ তথ্য এক প্ৰেছ বিজ্ঞপ্তিৰে সংবাদ মাধ্যমক জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই।

তেখেতে জনোৱা অনুসৰি, ১৫৪১৭ নং (আলিপুৰদুৱাৰ জংচন–শিলঘাট টাউন) ৰাজ্য ৰাণী এক্সপ্ৰেছ ৰে'লখন প্ৰতি মঙলবাৰ, শুকুৰবাৰ আৰু দেওবাৰে ১৯ আগষ্ট, ২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পুৱা ৭ বাজি ৩৫ মিনিটত নগাঁৱত উপস্থিত হ'ব আৰু ৭ বাজি ৪০ মিনিটত প্ৰস্থান কৰিব। লগতে ১৫৪১৮ নং (শিলঘাট টাউন-আলিপুৰদুৱাৰ জংচন) ৰাজ্য ৰাণী এক্সপ্ৰেছ ৰে'লখন প্ৰতি বুধবাৰ, শনিবাৰ আৰু সোমবাৰে ২০ আগষ্ট, ২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নগাঁৱত বিয়লি ৬ বাজি ৩৮ মিনিটত উপস্থিত হ'ব আৰু ৬ বাজি ৪৩ মিনিটত প্ৰস্থান কৰিব। এই ৰে'লখনৰ সময়সূচীৰ বৃদ্ধিয়ে স্থানীয় উৎপাদিত সামগ্ৰীসমূহ নিকটতম বজাৰলৈ পৰিবহন কৰাত সহায় লগতে কৃষকসকল উপকৃত হ'ব।

ইয়াৰোপৰি ১৫৬৩৫ নং (ওখা-গুৱাহাটী) দ্বাৰকা এক্সপ্ৰেছ ৰে'লখন আজি ১৯ আগষ্ট, ২০২২ (শুক্ৰবাৰ) ৰ পৰা কাৰ্যকৰী হোৱাকৈ ওখাৰ পৰা যাত্ৰা আৰম্ভ কৰি ২০ আগষ্ট (শনিবাৰে) পুৱা ৫ বাজি ১৯ মিনিটত ভৱানী মাণ্ডি ষ্টেচন গৈ পাব আৰু ৫ বাজি ২০ মিনিটত এই ষ্টেচনৰ পৰা প্ৰস্থান কৰিব। ২২ আগষ্ট, ২০২২ (সোমবাৰে)ৰ পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ১৫৬৩৬ নং (গুৱাহাটী-ওখা) দ্বাৰকা এক্সপ্ৰেছ ৰেলখনৰ ২৪ আগষ্ট, ২০২২ (বুধবাৰে) পুৱা ৫ বাজি ২৯ মিনিটত ভৱানী মাণ্ডি ষ্টেচন গৈ পাব আৰু ৫ বাজি ৩০ মিনিটত এই ষ্টেচনৰ পৰা প্ৰস্থান কৰিব।

আজি ১৯ আগষ্ট, ২০২২ তাৰিখ (শুকুৰবাৰ)ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেল নং. ১৫৬৫৪ (জম্মু তৱী-গুৱাহাটী) অমৰনাথ এক্সপ্ৰেছ ৰেলখনে যাত্ৰা আৰম্ভ কৰি ২১ আগষ্ট, ২০২২ (দেওবাৰ) তাৰিখৰ ৰাতিপুৱা ৪ বাজি ২৫ মিনিটত সমস্তিপুৰ ষ্টেচনত গৈ উপস্থিত হব আৰু ৪ বাজি ৪৫ মিনিটত উক্ত ষ্টেচনৰ পৰা প্ৰস্থান কৰিব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি (IRCTC) ৱেবছাইটত আৰু এনটিইএছ (NTES)ৰ জৰিয়তে উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে অনুৰোধ জনাইছে।
Published by:Sanjay Kumar Das
First published: