• Home
  • »
  • News
  • »
  • assam
  • »
  • পূজাৰ ভিৰৰ সময়ছোৱাত যাত্ৰীসকলৰ ভ্ৰমণ সুগমৰ অৰ্থে কেইখনমান অতিৰিক্ত পূজা বিশেষ ৰে'লৰ ব্যৱস্থা উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ

পূজাৰ ভিৰৰ সময়ছোৱাত যাত্ৰীসকলৰ ভ্ৰমণ সুগমৰ অৰ্থে কেইখনমান অতিৰিক্ত পূজা বিশেষ ৰে'লৰ ব্যৱস্থা উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ

দুৰ্গোৎসৱৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে তিনিযোৰ পূজা বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই।

দুৰ্গোৎসৱৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে তিনিযোৰ পূজা বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই।

দুৰ্গোৎসৱৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে তিনিযোৰ পূজা বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই।

  • Share this:
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই আগন্তুক উৎসৱৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে তিনিযোৰ পূজা বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে। বিজ্ঞপ্তিটোত প্ৰকাশ কৰা অনুসৰি এখন পূজা বিশেষ ৰে'ল ৬টা ট্ৰিপৰ বাবে চলাৰ লগতে আন দুখন পূজা বিশেষ ৰে'ল এটা ট্ৰিপৰ বাবে উভয় দিশত চলিব।

পূজা বিশেষ ৰে'ল নং ০৩০১৩ (হাওড়া – নিউ জলপাইগুড়ী) এটা ট্ৰিপৰ বাবে ২৮ ছেপ্টেম্বৰ, ২০২২ তাৰিখে ২৩.৪০ বজাত হাওড়াৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১০.১০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হবগৈ। উভতনি যাত্ৰাৰ দিশত, পূজা বিশেষ ৰে'ল নং ০৩০১৪ (নিউ জলপাইগুড়ী - হাওড়া) এটা ট্ৰিপৰ বাবে ২৯ ছেপ্টেম্বৰ, ২০২২ তাৰিখে ১২.৩৫ বজাত নিউ জলপাইগুড়ীৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ০০.৫০ বজাত হাওড়াত গৈ উপস্থিত হবগৈ। আন এখন, পূজা বিশেষ ৰে'ল নং ০৩১২৩ (শিয়ালদহ – নিউ জলপাইগুড়ী) এটা ট্ৰিপৰ বাবে ২৯ ছেপ্টেম্বৰ, ২০২২ তাৰিখে ২৩.৫০ বজাত শিয়ালদহৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১০.১০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হবগৈ। উভতনি যাত্ৰাৰ দিশত, পূজা বিশেষ ৰে'ল নং ০৩১২৪ (নিউ জলপাইগুড়ী - শিয়ালদহ) এটা ট্ৰিপৰ বাবে ৩০ ছেপ্টেম্বৰ, ২০২২ তাৰিখে ১২.০০ বজাত নিউ জলপাইগুড়ীৰ পৰা যাত্ৰা আৰম্ভ কৰি একেদিনাই ২৩.৩৫ বজাত শিয়ালদহত গৈ উপস্থিত হ'ব।

আনহাতে পূজা বিশেষ ৰে'ল নং ০৫৬৩৯ (শিলচৰ – কলকাতা) ছয়টা ট্ৰিপৰ বাবে ২৯ ছেপ্টেম্বৰৰ পৰা ০৩ নৱেম্বৰ, ২০২২ লৈ শিলচৰৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে ০৬.০০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনা ১৩.০০ বজাত কলকাতাত গৈ উপস্থিত হ'ব। উভতনি যাত্ৰাৰ দিশত, পূজা বিশেষ ৰে'ল নং ০৫৬৪০ (কলকাতা- শিলচৰ) ছয়টা ট্ৰিপৰ বাবে ৩০ ছেপ্টেম্বৰৰ পৰা ০৪ নৱেম্বৰ, ২০২২ লৈ কলকাতাৰ পৰা প্ৰত্যেক শুক্ৰবাৰে ১৫.০০ বজাত যাত্ৰা আৰম্ভ কৰি দেওবাৰে ০০.৩০ বজাত শিলচৰত গৈ উপস্থিত হবগৈ। এই পূজা বিশেষ ৰে'লখনত ২০ টা ডবা থাকিব আৰু ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত নিউ হাফলং, লামডিং, গুৱাহাটী, নিউ বঙাইগাঁও, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, মালদা টাউন আৰু বান্দেল জংচনৰ পথেৰে চলাচল কৰিব। ৰে'লখনত ৪ টা এচি থ্ৰী টায়াৰ ডবা, ১ টা এচি টু টায়াৰ ডবা, ১৩ টা শ্লীপাৰ শ্ৰেণীৰ ডবা আৰু ২ খন লাগেজ ভেন থাকিব।

এই ৰে'লখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰি থকা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ বিজ্ঞপ্তিযোগে অনুৰোধ জনাইছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি