কামৰূপ আৰু বৰপেটা জিলাৰ চৰ-চাপৰি অঞ্চলৰ শিক্ষিক যুৱকে গঠন কৰা চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক অধিৱেশনৰ সমাপ্তি ঘটে৷
অধিৱেশনৰ মুকলি সভাত চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহেমদ, প্ৰাক্তন বন বিষয়া ভৱেশ চন্দ্ৰ দাস, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য চাহাজাহান আলী, নাজমা হীৰা মেমোৰিয়েল পাব্লিক স্কুলৰ সঞ্চালকপ্ৰধান আজাজ ওচমান গনিৰ লগতে প্ৰাক্তন সৈনিক আব্দুছ ছামাদ আহমেদ উপস্থিত থাকে৷
মুকলি সভাৰ মাজতে দিনহাজিৰা কৰি, ৰিক্সা চলাই নিজৰ সন্তানক মানৱ সম্পদ হিচাপে গঢ় দিয়া ৬জনকৈ অভিভাৱকক কৃতী অভিভাৱক বঁটা প্ৰদান কৰে চৰ-চাপৰি যুৱ ঐক্য মঞ্চই ৷
উল্লেখ্য যে অধিৱেশনত NEWS18ASSAM&NEৰ স্থানীয় সাংবাদিক আবুল কালাম আজাদ আৰু প্ৰতিদিন টাইমৰ সাংবাদিক নুৰুল ইছলামক ২০২২ বৰ্ষৰ চৰ-চাপৰি বঁটা প্ৰদান কৰা হয়৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|