মুখা খোল খালে একাংশ দল–সংগঠনৰ, দিছপুৰত প্ৰতিবাদ কৰিবলৈ আনে ভাৰাতীয়া প্ৰতিবাদকাৰী

প্ৰতিবাদত বহাৰ পূৰ্বে এই ভাৰাতীয়া প্ৰতিবাদকাৰীসকলক শিকাই দিয়া হয় শ্লোগান।

News18-Assam
Updated:July 26, 2019, 1:40 PM IST
মুখা খোল খালে একাংশ দল–সংগঠনৰ, দিছপুৰত প্ৰতিবাদ কৰিবলৈ আনে ভাৰাতীয়া প্ৰতিবাদকাৰী
প্ৰতিবাদত বহাৰ পূৰ্বে এই ভাৰাতীয়া প্ৰতিবাদকাৰীসকলক শিকাই দিয়া হয় শ্লোগান।
News18-Assam
Updated: July 26, 2019, 1:40 PM IST
দিছপুৰত বিভিন্ন দল–সংগঠনে প্ৰতিবাদ কৰা আপুনি নিশ্চয় দেখিছে। বিশেষকৈ বিধানসভাৰ অধিৱেশনৰ সময়ত সততে দিছপুৰ লাষ্টগে’টত দেখা যায় বিভিন্ন দল–সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদত বহে দল–সংগঠনসমূহ। কিন্তু দিছপুৰত প্ৰতিবাদত বহা সকলো লোক সঁচাকৈ দল–সংগঠনৰ প্ৰতিনিধি বা সদস্যনে। NEWS18ৰ ষ্টিং অপাৰেচনত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ সত্য।

দিছপুৰত প্ৰতিবাদ কৰিবলৈ ভাৰাত অনা হয় প্ৰতিবাদকাৰী। ৫০০ টকা দিলেই ভাৰাত পোৱা যায় প্ৰতিবাদকাৰী। পুৰুষ–মহিলা সকলোৰে একেই হাজিৰা, ৫০০ টকা। প্ৰতিবাদত বহাৰ পূৰ্বে এই ভাৰাতীয়া প্ৰতিবাদকাৰীসকলক শিকাই দিয়া হয় শ্লোগান। এতিয়া আপুনি নিশ্চয় ভাবিছে কৰ পৰা অনা হয় ভাৰাতীয়া প্ৰতিবাদকাৰী।

মহানগৰীৰ বাসিন্দাসকলে পুৱা ওলাই গ’লে ঠায়ে ঠায়ে দিন হাজিৰা কৰিবলৈ ওলাই লোকসকলক নিশ্চয় দেখিছে। দিনটোৰ বাবে কাম বিচাৰি পুৱাই ওলাই আহে এই লোকসকল। এই লোকসকলকে প্ৰতিবাদ কৰিবলৈ ভাৰালৈ লৈ আহে একাংশ দল–সংগঠনে। ৫০০ টকা হাজিৰা দি দিছপুৰত প্ৰতিবাদ কৰিবলৈ বহুৱাই দিয়া হয় ভাৰাতীয়া প্ৰতিবাদকাৰীক। আৰু ৫০০ টকাৰ বিনিময়ত দিনটো দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰে এইসকল ভাৰাতীয়া প্ৰতিবাদকাৰীয়ে।

NEWS18ৰ সাংবাদিকৰ আগত এনে এজন ভাৰাতীয়া প্ৰতিবাদকাৰীয়ে কয় যে – বিভিন্ন সময়ত তেওঁলোকক বিচাৰি আহে দল–সংগঠনৰ লোক। তেওঁলোক কোন দল বা সংগঠনৰ সেয়া তেওঁলোকে নাজানে। কেৱল ৫০০ টকাৰ বিনিময়ত শিকাই দিয়া ধৰণে শ্লোগান আওঁৰাই প্ৰতিবাদ সাব্যস্ত কৰে দিছপুৰ বা আন ঠাইত। প্ৰতিবাদ কৰিবলৈ অনাৰ সময়ত এইসকল লোকে সলনি কৰি লয় নিজৰ পোছাক। দিন হাজিৰা কৰিবলৈ পিন্ধা পোছাক সলনি কৰি পিন্ধে ভাল পোছাক, জোতা–মোজা। যাতে কোনেও ধৰিব নোৱাৰে তেওঁলোক যে কোনো সংগঠনৰ সদস্য নহয়।

শুনক কি কয় ভাৰাতীয়া প্ৰতিবাদকাৰীয়ে :

আৰু চাওক পৰৱৰ্তী বাতৰি