உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma: কৃষি আইনৰ পিছত এইবাৰ বাতিল হ'ব নেকি CAA? News18 Indiaৰ চৌপালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপর্যপূর্ণ মন্তব্য

    Himanta Biswa Sarma: কৃষি আইনৰ পিছত এইবাৰ বাতিল হ'ব নেকি CAA? News18 Indiaৰ চৌপালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপর্যপূর্ণ মন্তব্য

    News18ৰ চৌপাল অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma )ৰ গুৰুত্বপূৰ্ণ মন্তব্য।

    News18ৰ চৌপাল অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma )ৰ গুৰুত্বপূৰ্ণ মন্তব্য।

    News18ৰ চৌপাল অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma )ৰ গুৰুত্বপূৰ্ণ মন্তব্য।

    • Share this:
    News18ৰ চৌপাল অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma )ৰ গুৰুত্বপূৰ্ণ মন্তব্য। তিনিওখন কৃষি আইন বাতিল হোৱাৰ পিছত দেশত নাগৰিকত্ব সংশোধনী আইনো বাতিল কৰিব লাগে বুলি একাংশই দাবী উত্থাপন কৰিছে। অসমৰ একাংশ দল সংগঠনে ইতিমধ্যে কা বাতিলৰ দাবীৰে এলানি আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰিছে।

    এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "ভাৰতত হিন্দু সভ্যতা আছিল আৰু হিন্দু সভ্যতা থাকিব। য'তেই হিন্দু সম্প্ৰদায়ৰ লোক পীড়িত হ'ব, ধৰ্মীয় অত্যাচাৰৰ বলি হয়, তেওঁলোকৰ মাতৃভূমিলৈ ঘূৰি অহাৰ অধিকাৰ থাকিব লাগে। সেইকাৰণে মই সদায় নাগৰিকত্ব সংশোধনি আইন (CAA)ৰ সমৰ্থন কৰো।"



    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "মমতা দিদিয়ে বাংলাদেশৰ বঙালী হিন্দুসকলক আদৰণি নজনাব পাৰে, কিন্তু তেওঁ তেওঁৰ ভায়েকৰ কথা শুনিব লাগিব। বায়েকসকলে ভায়েকৰ কথা শুনেই, ভায়েকসকলে কিন্তু  বায়েকৰ  কথা নুশুনে। 2014 হৈছে CAAৰ কাটঅফ সময়, যিটো মই নিৰ্ধাৰণ কৰা নাছিলো, কিন্তু মই বিশ্বাস কৰো যে হিন্দুসকলে এশ বা পঞ্চাশ বছৰ পাছতো ভাৰতলৈ অহাৰ অধিকাৰ থাকিব লাগে।"

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: