NEWS18ত প্ৰকাশ পাইছিল মঙলদৈ চহৰৰ নিকটৱৰ্তী টেঙাবাৰী ৭নং ৱাৰ্ডৰ পংকজ দাসৰ পুত্ৰ লোহিত দাস নামৰ কিশোৰটিয়ে পেটৰ তাড়নাত ঘৰৰ প্ৰয়োজনীয় সমগ্রী কিনিবলৈ কেইটামান কল বিক্ৰী কৰিবলৈ পথৰ দাঁতিত গ্ৰাহকৰ অপেক্ষা কৰাৰ বাতৰি। NEWS18ৰ সাংবাদিকে বাকী থকা মালভোগ কলকেইটা ১০০ টকাত কিনি ঘৰলৈ পঠিয়াই দিছিল কিশোৰটিক।
লকডাউনৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে দৰিদ্ৰ পৰিয়ালসমূহ। একে সমস্যাৰ সন্মুখীন হৈছে মঙলদৈ চহৰৰ নিকটৱৰ্তী এই পৰিয়ালটোও। যাৰ কাৰণে পিতৃয়ে দিন হাজিৰা কৰিবলৈ যোৱাৰ লগতে পুত্ৰই বাৰীৰ কেইটামান মালভোগ কল বিক্ৰী কৰিবলৈ গৈছিল মঙলদৈ–ভূতিয়াচাং পথৰ দাঁতিত। মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ সপ্তম শ্ৰেণী ছাত্ৰজনে ঘৰুৱা প্ৰয়োজন পূৰণ কৰিবলৈ এইদৰে বিক্ৰী কৰিব লগা হৈছে কল।
এই বাতৰি NEWS18ত প্ৰকাশিত হোৱাৰ পিছতেই NEWS18ৰ সাংবাদিক পাপৰি বৰাই প্ৰায় দহ দিনৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আলু, পিঁয়াজ, চেনী, চাহপাত, দাইল, আটা, মিঠাতেল, চুজি, বিস্কুট, চাবোন আদি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে। আনহাতে, সন্ধিয়া প্ৰায় ৮ বজাত টেঙাবাৰীৰ কণমানি লোহিত দাসৰ ঘৰত উপস্থিত হয় স্থানীয় বিধায়ক গুৰুজ্যোতি দাস।
![]()
module: a;
hw-remosaic: 0;
touch: (-1.0, -1.0);
modeInfo: ;
sceneMode: Auto;
cct_value: 5250;
AI_Scene: (0, -1);
aec_lux: 203.56316;
hist255: 0.0;
hist252~255: 0.0;
hist0~25: 0.0;
বিধায়কগৰাকী উপস্থিত হৈ পৰিয়ালটোক অত্যাৱশ্যকীয় কিছু খাদ্য সামগ্ৰী যোগান ধৰে। লগতে বিধায়কগৰাকীয়ে পিছত যাতে কোনো কাৰণত কিশোৰটিয়ে পেটৰ তাড়নাত ৰাজপথৰ দাঁতিত কল বিক্ৰী কৰিবলগীয়া নহয় আৰু প্ৰয়োজন হ’লে বিধায়কগৰাকীক যোগাযোগ কৰিবলৈ যাবলগীয়া নহয় তাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে। লগতে মঙলদৈ সমষ্টিটোত যাতে কোনো লোকৰে খাদ্যৰ সংকট নহয় তাৰ ব্যৱস্থা কৰি যাব বুলিও NEWS18ক জনায় বিধায়ক গুৰুজ্যোতি দাসে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|