অখিল গগৈয়ে কি কি পৰামৰ্শ দিছিল অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটিক? News18ৰ হাতত সবিশেষ

সংবিধানৰ অনুচ্ছেদ সমূহ উল্লেখ কৰি বিস্তৃত পৰামৰ্শ আগবঢ়াইছিল অখিল গগৈয়ে।
সংবিধানৰ অনুচ্ছেদ সমূহ উল্লেখ কৰি বিস্তৃত পৰামৰ্শ আগবঢ়াইছিল অখিল গগৈয়ে।
- News18 Assam
- Last Updated: February 20, 2020, 7:27 PM IST
কি আছিল অখিল গগৈৰ পৰামৰ্শ সমূহ? News18 Assam NE ৰ হাতত আহি পৰিছে অখিল গগৈয়ে দাখিল কৰা পৰামৰ্শ সমূহৰ পত্ৰ । কি আছে পৰামৰ্শ পত্ৰ খনত
• ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১১ ৰ সংশোধনী ঘটাই অসমৰ বেলিকা নাগৰিকত্ব প্ৰদান আৰু কৰ্তনৰ ক্ষেত্ৰত দেশৰ সংসদে অসম বিধান সভাৰ পূৰ্বে অনুমোদন নোলোৱাকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব ।
• ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৬(৩) ৰ সংশোধন কৰি ২০১৯ চনত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত স্থান পোৱা লোক সকলকহে Permanent Residential Certificate প্ৰদান কৰা হওক ।
• অসমীয়া ভাষাক সাংবিধানিক সুৰক্ষা প্ৰদান কৰক । তাৰ কাৰণে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসম বিধান সভাৰ অনুমোদন নোলোৱাকৈ অসমীয়া ভাষাৰ বেলিকে অনুচ্ছেদ ৩৪৭ ৰ সালসলনি ঘটাব নোৱাৰাটো বাধ্যতামূলক কৰক ।
• ভূমি আৰু সম্পদৰ মালিকীস্বত্ব আৰু স্থানান্তৰৰ ক্ষেত্ৰত অসম বিধান সভাত গৃহীত নকৰাকৈ সংসদে গৃহীত কৰা কোনো আইন প্ৰযোজ্য নহওক । অৰ্থাৎ অনুচ্ছেদ ৩৭১ B ৰ বিপৰীতে অসমত অনুচ্ছেদ ৩৭১A আৰু ৩৭১G লাগু কৰক ।
• ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু একে বছৰৰ ভোটাৰ তালিকাত নাম থকা লোক সকলৰ সতি সন্ততিৰ কাৰণেহে বিধান সভা আৰু লোক সভাত আসন সংৰক্ষণৰ দিশত সংসদত আইন প্ৰণয়ন হওক ।
• ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বা আৰ্থিক সাহায্য প্ৰাপ্ত শিক্ষানুষ্ঠানত অসমীয়া শিক্ষাৰ্থীৰ কাৰণে আসন সংৰক্ষণৰ দিশত বিশেষ নিৰ্দেশ প্ৰদান কৰক ।
• কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিয়োগটো অসমীয়াৰ কাৰণে আসন সংৰক্ষণ কৰাৰ দিশটোত পদক্ষেপ লওক ।
• সংবিধানৰ অনুচ্ছেদ ১৬৯ ৰ অধীনত অসমত উচ্চ সদন গঠন হওক আৰু এই সদনত ৰাজ্য খনৰ Ethnic Community ৰ লোকৰ কাৰণে আসন সংৰক্ষণ কৰা হওক ।
• অসমৰ ভাষা, সংস্কৃতি, সাহিত্য, সংহতি ৰক্ষাৰ কাৰণে আইন প্ৰণয়ন হওক ।