• Home
  • »
  • News
  • »
  • assam
  • »
  • News18 অসমৰ বাতৰিৰ প্ৰভাৱ, ৰহাৰ দুৰ্ভগীয়া পৰিয়ালটোলৈ বিভিন্নজনৰ সহায়ৰ হাত

News18 অসমৰ বাতৰিৰ প্ৰভাৱ, ৰহাৰ দুৰ্ভগীয়া পৰিয়ালটোলৈ বিভিন্নজনৰ সহায়ৰ হাত

অন্ধ দম্পতী ভগেন হীৰা আৰু কেতেকী বণিয়াই পাঁচ বছৰীয়া পুত্ৰ ৰাহুলৰ হাতত ধৰিয়েই খুজি–মাগি জীৱন সংগ্ৰাম চলোৱাৰ কাহিনী News18ত প্ৰচাৰ হৈছিল শনিবাৰে।

  • Share this:
News18 অসমৰ বাতৰিৰ প্ৰভাৱ। ৰহাৰ দীঘলদৰিত শহুৰকেৰ ঘৰত আশ্ৰয় লৈ থকা অন্ধ দম্পতী তথা আধুনিক শ্ৰৱণ কুমাৰলৈ পৰিণত হোৱা তেওঁলোকৰ পাঁচ বছৰীয়া সন্তান ৰাহুল হীৰাৰ সমগ্ৰ কাহিনী শুকুৰবাৰে News18 অসম ডিজিটেলত সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছত এতিয়া সেই বাতৰিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। পৰিয়ালটোৰ দুৰ্দশাৰ কাহিনী শুনাৰ লগে লগে সহায়ৰ হাত আগবঢ়াইছে বিভিন্নজনে।

অন্ধ দম্পতী ভগেন হীৰা আৰু কেতেকী বণিয়াই পাঁচ বছৰীয়া পুত্ৰ ৰাহুলৰ হাতত ধৰিয়েই খুজি–মাগি জীৱন সংগ্ৰাম চলোৱাৰ কাহিনী News18ত প্ৰচাৰ হোৱাৰ পিছত শনিবাৰে অসম জাতীয় পৰিষদৰ নেতা নেতা তথা যুৱ ব্যৱসায়ী উৎপল বণিয়াই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষলৈ গৈ আৰ্থিক সাহায্যৰ লগতে কাপোৰ আদি আগবঢ়ায়।

শুকুৰবাৰে News18 অসমত প্ৰচাৰ হৈছিল এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাহিনী।
Published by:Sanjay Kumar Das
First published: