• Home
  • »
  • News
  • »
  • assam
  • »
  • বাতৰি কাকতত বিজেপিৰ বিজ্ঞাপন! নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব কংগ্ৰেছৰ আইনী কোষে

বাতৰি কাকতত বিজেপিৰ বিজ্ঞাপন! নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব কংগ্ৰেছৰ আইনী কোষে

বিষয়টোৰ সন্দৰ্ভত ৰাইজৰ দলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিষয়টোৰ সন্দৰ্ভত ৰাইজৰ দলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিষয়টোৰ সন্দৰ্ভত ৰাইজৰ দলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

  • Share this:
বাতৰি কাকতত বিজেপিৰ বিজ্ঞাপন বিতৰ্ক! দেওবাৰে ৰাজ্যৰ প্ৰতিখন বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত 'উজনি অসমৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত'- শীৰ্ষক এক বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। বিজ্ঞাপনটো প্ৰকাশৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ বিতৰ্কৰ। বহুতে সমালোচনা কৰে সংবাদগোষ্ঠী সমূহক। আৰু একাংশই বাতৰি আৰু বিজ্ঞাপনৰ মাজৰ প্ৰভেদ সম্পৰ্কত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত।

বিষয়টোৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছে। নিখিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে সংবাদমেল সম্বোধন কৰি কয় যে, 'মিছা বিজ্ঞাপনেৰে ভোটাৰৰ মন জয় কৰিব নোৱাৰে। "বুৰা না মানো হলী হে" বুলি বিজ্ঞাপনৰ তলত লিখিব লাগিছিল। বাংলাদেশত থকা প্ৰধানমন্ত্ৰীয়ে অসমত নহয় বাংলাদেশত আসন জয় কৰিব। বিজেপিয়ে দিয়া বিজ্ঞাপনে উলংঘা কৰিছে নিৰ্বাচনৰ নীতি। দেশৰ নিৰ্বাচন আয়োগে বিজ্ঞাপনটো প্ৰকাশৰ বাবে কেনেকৈ অনুমতি দিলে।'







সংবাদমেলত  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন কোষৰ অধ্যক্ষ নিৰণ বৰাই যুক্তি দাঙি ধৰি কয় যে,  'বাতৰি কাকত সমুহে ও বিজ্ঞাপনটো প্ৰকাশৰ ক্ষেত্ৰত নিৰ্বাচনী আচৰনবিধী ভংগ হল নেকি সেইটো এবাৰ ভাৱি চাব লাগিছিল। উজনিৰ আটাইকেইখন আসনত বিজেপিৰ জয়" এইটো বিজ্ঞাপন নহয়, এইটো বাতৰি। এই সম্পৰ্কত দেশৰ মুখ্য নিৰ্বাচনী আযোগক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিব।'

আনহাতে বিষয়টোৰ সন্দৰ্ভত ৰাইজৰ দলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগক এই বিষয়টোৰ ওপৰত চোৱা-চিতা কৰিবলৈ আহ্বান জনাইছে আঞ্চলিক ৰাজনৈতিক দলটোৱে।
Published by:Himangshu Bhuyan
First published: