মধুস্মিতা হুকাৰ অসুস্থাৰ বাতৰি News18 ত সম্প্ৰচাৰিত হোৱাৰ পিছতে আগবাঢ়ি আহিছে বহুজন

দীৰ্ঘদিন ধৰি পেটৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত মধুস্মিতাক এতিয়া চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু ধন।

News18-Assam
Updated:November 1, 2019, 2:19 PM IST
মধুস্মিতা হুকাৰ অসুস্থাৰ বাতৰি News18 ত সম্প্ৰচাৰিত হোৱাৰ পিছতে আগবাঢ়ি আহিছে বহুজন
দীৰ্ঘদিন ধৰি পেটৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত মধুস্মিতাক এতিয়া চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু ধন।
News18-Assam
Updated: November 1, 2019, 2:19 PM IST
কণমানি মধুস্মিতা হুকাইৰ অসুস্থতাৰ বাতৰি News18ত সম্প্ৰচাৰ হোৱাৰ পিছতে কণমানিজনীক সহায়ৰ বাবে আগবাঢ়ি আহিছে বহুকেইগৰাকী হৃদয়বান লোক৷ হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা চক্ৰ পৰিদৰ্শক লিন্টু বৰাই ৫০০০ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে মধুস্মিতাৰ আশু আৰোগ্য কামনা কৰিছে ৷

লগতে হাওৰাঘাটৰ মানস শইকীয়া, কিশোৰ কাকতি আৰু আকাশ স্বৰ্গীয়াৰীয়ে ৫০০ টকাকৈ, দিপন সূত্ৰধৰে ১০০০ টকা আৰু ৰুবী গগৈয়ে ৫০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। আনহাতে, প্ৰবীৰ ঘোষ আৰু নীতিশ চন্দই ১০০০ টকাকৈ আগবঢ়োৱাৰ কথা জনাইছে।

ইফালে, বিভূতি বৰকটকীয়ে ১০০০ টকা, বকলীয়াঘাটৰ অজয় কুমাৰ শৰ্মাই ১০০০ টকা, দিব্যজ্যোতি হাজৰিকায়ে ১০০০ টকা আৰু বিক্ৰম মজুমদাৰেও ১০০০ টকাৰ সাহায্য প্ৰদান কৰিছে।

ইফালে, কণমানি মধুস্মিতাক সহায়ৰ বাবে আগবাঢ়ি আহিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। মধুস্মিতাৰ চিকিৎসাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিক দায়িত্ব অৰ্পণ কৰা বুলি সদৰি কৰিছে মুখ্য কাৰ্যবাহীৰ এক বিশ্বস্ত সূত্ৰই।

উল্লেখযোগ্য যে,  দীৰ্ঘদিন ধৰি পেটৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত মধুস্মিতাক এতিয়া চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু ধন। আৰ্থিক ভাবে দুৰ্বল পৰিয়ালটোৱে এতিয়া টকাৰ অভাৱত নিজৰ জীয়ৰীক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা নাই। ইফালে দিনে দিনে স্বাস্থ্য অধিক শোচনীয় হৈছে কণমানিজনীৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি