NEWS18ৰ এটা বাতৰি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ তদন্ত বিচাৰি সাংসদ নৱ শৰণীয়াৰ পত্ৰ

ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড তথা CBIৰ ৰেড কৰ্ণাৰ নটিছত থকা এজন পলাতক উগ্ৰপন্থী নেতাৰে BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰী আৰু অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ গোপন বৈঠক

News18-Assam
Updated:September 2, 2019, 6:48 PM IST
NEWS18ৰ এটা বাতৰি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ তদন্ত বিচাৰি সাংসদ নৱ শৰণীয়াৰ পত্ৰ
ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড তথা CBIৰ ৰেড কৰ্ণাৰ নটিছত থকা এজন পলাতক উগ্ৰপন্থী নেতাৰে BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰী আৰু অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ গোপন বৈঠক
News18-Assam
Updated: September 2, 2019, 6:48 PM IST
বিজু কুমাৰ ডেকা: News18ৰ এটা বাতৰিক আঁত ধৰি সাংসদ নৱ কুমাৰ শৰণীয়াই সঠিক তদন্ত বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ লিখিলে এখন পত্ৰ ৷ পত্ৰ যোগে সাংসদ শৰণীয়াই ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড তথা CBIৰ ৰেড কৰ্ণাৰ নটিছত থকা এজন পলাতক উগ্ৰপন্থী নেতাৰে BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰী আৰু অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মই এক বৈঠকত কিয় মিলিত হৈছিল, সেইলৈ তদন্ত বিচাৰিছে ৷

২৫ আগষ্টত NEWS18 এ পোহৰলৈ অনা এটা বাতৰি ৷ এখন ফ'টোৰে সৈতে পোহৰলৈ অনা হৈছিল সম্পূৰ্ণ  বাতৰিটো ৷ বাতৰিটোত কোৱা হৈছিল- পলাতক উগ্ৰপন্থীৰে BTC মূৰব্বী হাগ্ৰামাৰ বৈঠক হৈছে ৷ অতি গোপনে কোকৰাঝাৰত আয়োজন কৰি হৈছিল বৈঠকখনৰ ৷



কোকৰাঝাৰৰ আৰনাই হোটেলত ২৪ আগষ্টৰ বিয়লি অনুষ্ঠিত বৈঠকখনত উপস্থিত আছিল ২০০৮ চনৰ ৩০ আগষ্টৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড ডিন্থিলাং ওৰফে অৰুণ বৰগয়াৰী ৷ CBIয়ে ইতিমধ্যে ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ গোচৰত অভিযুক্ত কৰি থৈছে অবিভক্ত NDFBৰ মুখ্য সেনাধ্যক্ষ ডিন্থিলাঙক ৷ এই গোপন বৈঠকতখনৰ সন্দৰ্ভত NEWS18ত ২৫ আগষ্টৰ সন্ধিয়া পাঁচ বজাৰ বাতৰিত সম্প্ৰচাৰ হৈছিল ৷ ইয়াৰ পিছতেই আৰম্ভ হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ বিশেষকৈ বড়োলেণ্ডৰ ৰাজনীতিত সূচনা হৈছিল তুমুল চাঞ্চল্যৰ ৷

এই বাতৰি সম্প্ৰচাৰৰ এসপ্তাহৰ পিছত সোমবাৰে পত্ৰ লিখিলে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখি সাংসদ শৰণীয়াই উত্থাপন কৰিলে প্ৰশ্ন- পলাতক উগ্ৰপন্থীৰে BTC মূৰব্বীৰ বৈঠক কিয় ? CBIৰ ৰেড কৰ্ণাৰ নটিছত থকা উগ্ৰপন্থী কেনেকৈ বহিল বৈঠকত?

এই প্ৰশ্ন উত্থাপন কৰি সাংসদ শৰণীয়াই গৃহমন্ত্ৰীৰ পৰা বিচাৰিলে এক উচ্চ পৰ্যায়ৰ তদন্ত ৷ শৰণীয়াই পত্ৰত লিখিছে- “যিসকল জনপ্ৰতিনিধি (হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্ম)য়ে সেই পলাতক উগ্ৰপন্থী সৈতে বৈঠকত বহিছিল, তেওঁলোকক CBI–এ সোধাপোছা কৰক আৰু পলাতক উগ্ৰপন্থীজনক কৰায়ত্ত কৰিবলৈ CBI–এ ব্যৱস্থা গ্ৰহণ কৰক ৷ কিয়নো ২০০৮ৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ গোচৰটো CBI–এ তদন্ত কৰিছিল আৰু CBI–এ অৰুণ বৰগয়াৰীক পলাতক ঘোষণা কৰি জাৰি কৰিছিল ৰেড কৰ্ণাৰ নটিছ ৷”

ইপিনে অবড়ো সুৰক্ষা সমিতিয়েও সোমবাৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ সমিতিৰ সাধাৰণ সম্পাদকৰ দাবী, এই বৈঠকে প্ৰমাণ কৰিলে হাগ্ৰামা আৰু চন্দন বহ্মই কেনেদৰে বিটিএডিত অবড়োৰ তেজেৰে ফাকু খেলাৰ ষড়যন্ত্ৰ ৰচিছে ৷ সেয়ে, চৰকাৰে ৰুজু কৰক-,হাগ্ৰামা-চন্দনৰ বিৰুদ্ধে ৰাষ্টদ্ৰোহৰ গোচৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ সাংসদ নৱ কুমাৰ শৰণীয়াই পত্ৰ লিখিলে ঠিকেই; কিন্তু তদন্ত কি হ'ব সেয়াহে হ'ব লক্ষণীয় ৷ কিয়নো, BJPৰে মিত্ৰজোটত আছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF ৷
আৰু চাওক পৰৱৰ্তী বাতৰি