• Home
  • »
  • News
  • »
  • assam
  • »
  • Green Hero Of The Year Award : বনবন্ধু নিৰণ গগৈলৈ নিউজ ১৮ অসম নৰ্থ ইষ্টৰ গ্ৰীন হিৰো অৱ দ্য ইয়েৰ বঁটা

Green Hero Of The Year Award : বনবন্ধু নিৰণ গগৈলৈ নিউজ ১৮ অসম নৰ্থ ইষ্টৰ গ্ৰীন হিৰো অৱ দ্য ইয়েৰ বঁটা

যোৰহাটত অনুষ্ঠিত নিউজ ১৮ৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটা প্ৰদান কৰে

যোৰহাটত অনুষ্ঠিত নিউজ ১৮ৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটা প্ৰদান কৰে

যোৰহাটত অনুষ্ঠিত নিউজ ১৮ৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটা প্ৰদান কৰে

  • Share this:
প্ৰকৃতি আৰু মানৱ সমাজৰ মাজত নিজকে বিলীন কৰি সমাজৰ বাবে অমূল্য অৱদান আগবঢ়াই এখন সুন্দৰ অৰণ্যৰ লগতে বনভোজস্থলী প্ৰতিষ্ঠা কৰিছে নিৰণ গগৈ নামৰ ব্যক্তিজনে৷

বৰ্তমান এইখন বনভোজস্থলী অসমৰ এখন জনপ্ৰিয় বনভোজস্থলী। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকীতেই আছে মানুহৰ হাতত প্ৰাণ পাই উঠা এইখন অৰণ্য৷ শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দল আহি কমলাবাৰীৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিহি। আহে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও৷

এই বিশেষ অৰণ্য তথা বনভোজস্থলীত কি কি আছে এষাৰতে কৈ শেষ কৰিব নোৱাৰি। বৰ্তমান প্ৰায় ১০০০ বিধ গছ  সংৰক্ষণ কৰিছে কমলাবাৰীত। বহুতো আপুৰুগীয়া গছৰ লগতে মেহগনি গছ ৰোপণ কৰিছে এইখন অৰণ্যত ৷ লগতে ১০ হেক্টৰ মাটিত সোণালী সূতা উৎপাদন হোৱা চোম গছ ৰোপণ কৰিছে৷

অৰণ্যখনৰ কাষতে আছে গেলেকী ৰিজাৰ্ভ ফৰেষ্ট৷ বনৰীয়া হাতীৰ খাদ্যৰ বাবে ৩০ হেক্টৰ মাটিত ৰোপণ কৰিছে ঔটেঙা আৰু কঁঠাল গছ৷ লগতে ৫ হেক্টৰ মাটিত নতুনকৈ এখন ফলমূলৰ বাগিচাও পাতিছে কমলাবাৰীত৷

প্ৰায় ১৫০ হেক্টৰ মাটিত ৬ বিধ বাঁহ গছ ৰোপণ কৰা হৈছে এইখন অৰণ্যত৷ লগতে আছে ৫০ হেক্টৰ মাটিৰ এখন তিতাচপা বাৰী আৰু এই সকলোবোৰ সম্ভৱ হৈছে  নিৰণ গগৈ নামৰ লোকজনৰ বাবে। নিৰণ গগৈৰ এই মহান কৰ্মৰ বাবে নিউজ ১৮ অসম নৰ্থ ইষ্টে ২০২২ চনৰ GREEN HERO OF THE YEAR বঁটা প্ৰদান কৰে৷

বুধবাৰে যোৰহাটৰ  ৰাজপুতনা লগ ইনত অনুষ্ঠিত "অসম উৎকৃষ্ট বঁটা-২০২২'' নামৰ অনুষ্ঠানটোত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে উজনি অসমৰ ২২ গৰাকী ব্যক্তিৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰা গেলেকীৰ নিৰণ গগৈক প্ৰদান কৰা হয় এই বঁটা৷

উল্লেখযোগ্য যে ২০২০ চনৰে পৰা NEWS18 ASSAM NORTH EASTএ বিভিন্ন ক্ষেত্ৰত উজলি উঠা তথা অসমৰ অৰ্থনীতি, সাহিত্য-সংস্কৃতি, মানৱ সম্পদ গঢ় দিয়া আদি ক্ষেত্ৰত অৱদান আগবঢ়োৱা লোকক নিৰ্বাচিত কৰি উৎকৃষ্টতা বঁটা প্ৰদান কৰি আহিছে। যোৰহাটৰ  বিশেষ বঁটা প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে এই বঁটা। 
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি