உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিয়া হোৱা মাত্ৰ তিনিদিন হৈছিল, হাইলাকান্দিত বাথৰুমৰ ভিতৰত উদ্ধাৰ ন–বোৱাৰীৰ ৰক্তাক্ত মৃতদেহ

    বিয়া হোৱা মাত্ৰ তিনিদিন হৈছিল, হাইলাকান্দিত বাথৰুমৰ ভিতৰত উদ্ধাৰ ন–বোৱাৰীৰ ৰক্তাক্ত মৃতদেহ

    বোৱালিপাৰ তৃতীয় খণ্ড গাঁৱৰ আব্দুল ৰহমান লস্কৰৰ সৈতে যোৱা সোমবাৰে বিবাহ বন্ধনত আবদ্ধ হৈছিল স্থানীয় মোহনপুৰ গাঁৱৰ আব্দুল মতিন লস্কৰৰ কন্যা ৱাহিদা খানম লস্কৰ।

    • Share this:
    বিয়াৰ মাত্ৰ তিনিদিন পিছতে হত্যা ন–বোৱাৰীক। ঘৰৰ ভিতৰতে বাথৰুমত উদ্ধাৰ ৰক্তাক্ত মৃতদেহ। দাৰে ডিঙি ৰেপি হত্যা বোৱাৰীগৰাকীক। হাইলাকান্দি জিলাৰ বোৱা‍লিপাৰ গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

    বোৱালিপাৰ তৃতীয় খণ্ড গাঁৱৰ আব্দুল ৰহমান লস্কৰৰ সৈতে যোৱা সোমবাৰে বিবাহ বন্ধনত আবদ্ধ হৈছিল স্থানীয় মোহনপুৰ গাঁৱৰ আব্দুল মতিন লস্কৰৰ কন্যা ৱাহিদা খানম লস্কৰ। কিন্তু বিয়াৰ মাত্ৰ তিনিদিনৰ পিছতে আজি স্বামীগৃহৰ বাথৰুমত উদ্ধাৰ হয় ৱাহিদা খানমৰ ৰক্তাক্ত মৃতদেহ।

    ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে লগতে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যবহাৰ হোৱা এখন দা। পিছত মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা হাইলাকান্দি সদৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হয়। হাইলাকান্দি আৰক্ষীয়ে ৫৮৩/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

    ইপিনে, হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী আব্দুল ৰহমান লস্কৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কিন্তু এই হত্যাকাণ্ডৰ আঁৰত যৌতুক নে আন কোনো কাৰণ আছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। বিয়াৰ মাত্ৰ তিনিদিনৰ ভিতৰতে হোৱ‍া এনে হত্যাকাণ্ডক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত।
    Published by:Sanjay Kumar Das
    First published: