গাৰ পৰা মাহ–হালধিৰ গোন্ধ নৌযাওঁতেই এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে কণিকাৰ। জীৱনটো নতুনকৈ সজোৱাৰ সপোন দেখাৰ সময়তে নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে কণিকাৰ জীৱন।
মাত্ৰ এসপ্তাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল কণিকা। কিন্তু জীৱনৰ সোণসেৰীয়া পথেৰে খোজ দিবলৈ ওলোৱাৰ সময়তে শেষ হ’ল কণিকাৰ যাত্ৰা। আধৰুৱা সপোনবোৰ বুকুত লৈয়ে অচিন দেশলৈ গুচি গ’ল কণিকা।
বাক্সা জিলাৰ ৰঙাপানীত এক মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যু হ’ল কণিকা বড়ো নামৰ নৱবিবাহিতা মহিলাগৰাকীৰ। মহিলাগৰাকীৰ নাম কণিকা বড়ো। কণিকা বড়ো এবছুৰ সহকাৰী সাংস্কৃতিক সম্পাদিকা আছিল।
ৰঙাপানীত 127-A ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় কণিকা। মাৰুতি এল্ট’ আৰু মাৰুতি S-Pressoৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় মহিলাগৰাকী৷ দুৰ্ঘটনাগ্ৰস্ত এল্ট’খনৰ নম্বৰ AS 01DY 5295 আৰু S-Pressoখনৰ নম্বৰ AS 15S 3068।
এই দুৰ্ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে একাংশ স্থানীয় লোক। একাংশ ক্ষুব্ধ লোকে অগ্নিসংযোগ কৰে S-Presso বাহনখনত৷ ঘটনাস্থলীত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 12, 2022, 13:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।