'ঘৰৰ চিৰিৰ পৰা পৰি নহয়, এয়া পৰিকল্পিত হত্যাকাণ্ড'-এগৰাকী নৱ-বিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ঢেকিয়াজুলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ নৱ-বিবাহিতা মহিলাগৰাকীক স্বামী আৰু স্বামীগৃহৰ লোকে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ স্থানীয় একাংশ লোকৰ। ঘটনাৰ উচিত তদন্তৰ দাবীৰে শুকুৰবাৰে লোকসকলে ঢেকীয়াজুলি থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
ঢেকিয়াজুলি নগৰৰ সমীপৱৰ্তী মনজুলি গাঁৱৰ ৰাজদ্বীপ দে’ৰ পত্নী শিল্পী বিশ্বাসক স্বামীৰ পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে ওচৰ চুবুৰীয়াই। বৃহস্পতিবাৰে সন্ধিয়া শিল্পী বিশ্বাস ঘৰৰ চিৰিৰ পৰা পৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি স্বামীৰ পৰিয়ালৰ লোকে শিল্পীৰ পিতৃ গৃহত জনায় ৷ পিছত শিল্পীক হাস্পতালৈ নিয়া হৈছিল যদিও মৃত্যুক আঁকোৱালি লয় বুলি জানিবলৈ দিয়ে স্বামী গৃহৰ লোকে।
উল্লেখ্য যে, ঢেকিয়াজুলি নগৰৰ ৪ নং ৱাৰ্ডৰ প্ৰয়াত সুনীল বিশ্বাসৰ কন্যা শিল্পী বিশ্বাসৰ যোৱা ১ মাৰ্চত ঢেকিয়াজুলিৰ মনজুলি নিৱাসী প্ৰদীপ দে’ৰ পুত্ৰ ৰাজদ্বীপ দে’ৰ সৈতে বিবাহ সম্পন্ন হৈছিল। কিন্তু বিবাহৰ কেইমাহ পিছৰে পৰা শিল্পী বিশ্বাসক স্বামীৰ পৰিয়ালৰ লোকে মানসিক, শাৰীৰিক নিৰ্যাতন চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ আৰু এনেসময়তে বৃহস্পতিবাৰে শিল্পী চিৰিৰ পৰা পৰি মৃত্যু হোৱাৰ ঘটনাক মানি লব পৰা নাই ওচৰ-চুবুৰীয়াই।
শিল্পী বিশ্বাসৰ মাতৃ আৰু ভাতৃয়েও এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছে ৷ এই ঘটনা সন্দৰ্ভত শিল্পী বিশ্বাসৰ পিতৃ গৃহৰ ফালৰ পৰা পাচঁজন লোকৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এই পৰ্যন্ত ৰাজদ্বীপ দে আৰু সম্পৰ্কীয় মাহীয়েকক গ্ৰেপ্তাৰ কৰিছে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|