মুখ্যপৃষ্ঠা »খবৰ »অসম »Governor of Assam: তিনাদিনীয়া ভ্ৰমণসূচীৰে উজনি অসমত ৰাজ্যৰ নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া; আজি যোৰহাটৰ বিভিন্ন ঠাই ভ্ৰমণ ৰাজ্যপালগৰাকীৰ

Governor of Assam: তিনাদিনীয়া ভ্ৰমণসূচীৰে উজনি অসমত ৰাজ্যৰ নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া; আজি যোৰহাটৰ বিভিন্ন ঠাই ভ্ৰমণ ৰাজ্যপালগৰাকীৰ

উজনি অসম ভ্ৰমণলৈ যোৰহাটত নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

উজনি অসম ভ্ৰমণলৈ যোৰহাটত নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

উজনি অসম ভ্ৰমণলৈ যোৰহাটত নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

  • Share this:
অসমৰ নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই তিনিদিনীয়া ভ্ৰমণসূচীৰে উজনি অসমলৈ আহি আজি প্ৰথমেই দিনটোতে যোৰহাটৰ অসম কৃষি বিশ্বিদ্যালয়ত উপস্থিত হয়। ৰাজ্যপালে কৃষি বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰি ৰাজ্যপালে ক'লে- "কৃষিৰ জৰিয়তে দেশৰ ভৱিষ্যত গঢ় দিব লাগিব। দেশৰ অৰ্থনীতি তেতিয়াহে আত্মনিৰ্ভৰশীল হ'ব, যেতিয়া কৃষি ক্ষেত্ৰখন লাভজনক হিচাপে পৰিগণিত হ'ব।”

লগতে খাদ্য উৎপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈও কয় ৰাজ্যপাল কাটাৰীয়াই। অসম কৃষি বিশ্ববিদ্যালয়ত আচাৰ্য তথা ৰাজ্যপাল গৰাকীয়ে ভাষণত লগতে কয়— “উৎপাদন ব্যয় বেছি হোৱা বাবে আৰু নিম্নতম সমৰ্থন মূল্য নোপোৱা বাবে কৃষিৰ প্ৰতি ৰাইজৰ আগ্ৰহ কম ৷ সেয়ে খেতিৰ দিশে যাবলৈ হ'লে খেতি লাভজনক হ'ব লাগিব। সামূহিকভাবে মনেৰে স্বীকাৰ কৰি কৃষি আৰু কৃষকৰ উন্নতিৰ বাবে আগবাঢ়িব লাগিব। একেলগে আগবাঢ়ি যাঁওতে সকলোৰে লগত মিলি কাম কৰিব লাগিব। দুৰ্বলতা সমূহ চিনাক্ত কৰি একেলগে আগবাঢ়ি যাব লাগিব। কৃষি শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক সংযুক্ত কৰি আগবঢ়াই নি কেৱল চাকৰি বিচৰাৰ পৰিবৰ্তে কৃষিত জড়িত হৈ চাকৰি দিব পৰা কৰিব লাগিব।”

ইয়াৰ পিছতে ৰাজ্যপালে অসম মহিলা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। উদ্বোধনী ভাষণত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য গুলাব চান্দ কাটাৰীয়াক প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে অৱগত কৰে। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে ৰাজ্যপালগৰাকীক আদৰণি জনাই আৰু চৌহদ পৰিদৰ্শন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যপাল গৰাকীয়েমহিলা বিশ্ববিদ্যালয়ৰ দৰে মহিলাসকলৰ বাবে অনুষ্ঠান খোলাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সিদ্ধান্তৰ শলাগ লৈ কয় যে অসম মহিলা বিশ্ববিদ্যালয়ৰ দৰে মহিলাৰ শিক্ষা প্ৰতিষ্ঠানৰ বাবে এটা আৱাসিক চৌহদ অতি আৱশ্যক, কিয়নো ই বিশ্ববিদ্যালয়ৰ ছাত্ৰী সকলৰ বাবে সম্পূৰ্ণ শিক্ষা অভিজ্ঞতা নিশ্চিত কৰে। তেওঁ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আৰু শিক্ষকসকলক তেওঁলোকৰ কিছুমান দীৰ্ঘদিনীয়া উদ্বেগৰ দ্ৰুত সমাধানৰ বাবে চৰকাৰক আবেদন জনোৱাৰো আশ্বাস প্ৰদান কৰে।

ইয়াৰোপৰি বিয়লি ভাগত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যপালগৰাকী উপস্থিত হৈ অক্ষয় বন্তিৰ আশীৰ্বাদ লয়। ৰাজ্যপাল কাটাৰীয়াই পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ শ্ৰীশ্ৰী মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘত উপস্থিত হৈ অক্ষয় বন্তিগচিত তেল অৰ্পণ কৰি নেদেখাজনৰ চৰণত সেৱা লৈ ভকত বৈষ্ণৱৰ সৈতে মত বিনিময় কৰে। পোন প্ৰথমবাৰৰ বাবে ৰাজ্যপালগৰাকী বৰ নামঘৰত উপস্থিত হোৱাৰ লগে লগে বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা সমূহ ঢেকীয়াখোৱাবাসীৰ সহযোগত এক আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

ইপিনে গুৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰনামঘৰলৈ আহি ৰাজ্যপালগৰাকী অভিভূত হৈ পৰে আৰু পৰিয়ালৰ সহিতে পুনৰ ঢেকীয়াখোৱালৈ অহাৰ ইচ্ছা প্ৰকাশ কৰে। লগতে ঈশ্বৰৰ আশীৰ্বাদ লৈ ৰাজ্যখনক উন্নয়নৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত পূৰ্ণোদ্যমে চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে।

উক্ত আটাইকেইটা অনুষ্ঠানতে যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত, জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনাকে প্ৰমুখ্য কৰি জিলাখনৰ কেইবাগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

শেহতীয়া বাতৰি