• Home
  • »
  • News
  • »
  • assam
  • »
  • APCC President: কংগ্ৰেছ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে মা কামাখ্যা দেৱালয়ত নৱনিৰ্বাচিত সভাপতি ভূপেন বৰা

APCC President: কংগ্ৰেছ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে মা কামাখ্যা দেৱালয়ত নৱনিৰ্বাচিত সভাপতি ভূপেন বৰা

কাইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰূপে ভূপেন বৰাই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব।

কাইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰূপে ভূপেন বৰাই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব।

কাইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰূপে ভূপেন বৰাই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব।

  • Share this:

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণৰ প্ৰাকমুহূৰ্তত আজি পুৱাই কামাখ্যা দেৱালয়ত পত্নীসহ উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি ভূপেন বৰা। সভাপতি হিচাপে নিযুক্তি লাভৰ পাছত প্ৰথমবাৰলৈ শক্তিপীঠ কামাখ্যাত উপস্থিত হোৱা বৰাই দেৱালয় প্ৰাংগণত পৰিক্ৰমা সম্পন্নৰে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে।


উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিৰ্বাচিত সভাপতিগৰাকীক নৱনিযুক্ত কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে সংগ প্ৰদান কৰে। কামাখ্যা দেৱালয় প্ৰাংগণত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ভূপেন বৰাই ৰাইজৰ তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীসকলৰ মংগল কামনাৰ লগতে নতুন নেতৃত্বৰে আগবাঢ়িবলগীয়া প্ৰদেশ কংগ্ৰেছ কমিটীয়ে যাতে ৰাইজৰ সেৱাৰ বাবে সঠিক পথত আগবাঢ়িব পাৰে তাৰ বাবে সেৱা আগবঢ়োৱা বুলি জানিবলৈ দিয়ে।


উপ-নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত বৰাই নীতি নিৰ্ধাৰণ কমিটীৰ পৰামৰ্শৰ ভিত্তিতহে সকলো সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে কাইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰূপে ভূপেন বৰাই আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ কৰিব। ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰে দলটোৰ কাৰ্যকৰী সভাপতিৰূপে দায়িত্বভাৰ ল'ব।


মন কৰিবলগীয়া কথা যে বিগত ২৪ জুলাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে. চি. বেনুগোপালে আটাইকেইজনকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গুৰুদায়িত্ব প্ৰদান কৰিছিল। প্ৰাক্তন কংগ্ৰেছ নেতা তথা বিধায়কদ্বয় ক্ৰমে ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাইৰ বিজেপি গমনৰ পাছতেই দলৰ ভিতৰচ'ৰাত দেখা দিয়া বিপৰ্যয়ক ভূপেন বৰা, ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰে কিদৰে ৰোধ কৰিব সেইয়া কাইলৈৰ দায়িত্বভাৰ গ্ৰহণৰ পাছতহে স্পষ্ট হ'ব।

Published by:Gautam Barman
First published: