কাজিৰঙাৰ ঘাইপথত চলাচল কৰা বাহনৰ চালকসকলক নিৰ্দেশনা মানি চলিবলৈ আহ্বান
কাজিৰঙাৰ ঘাইপথত চলাচল কৰা বাহনৰ চালকসকলক নিৰ্দেশনা মানি চলিবলৈ আহ্বান
মাজনিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ কাষত উপস্থিত নতুনকৈ দায়িত্ব লাভ কৰা বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী। শনিবাৰৰ পৰা কাজিৰঙাত বাহৰ পতা নতুনকৈ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) বিভিন্ন দিশৰ ওপৰত বিষয়াসকলৰ পৰা বুজ লোৱাৰ পিছত দেওবাৰে মাজনিশা উপস্থিত হয় বুঢ়াপাহাৰ আৰু কঁহৰা বনাঞ্চলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কেইবাটাও বন শিবিৰত।
বনশিবিৰসমূহত দিনে-নিশাই কৰ্তব্য সম্পাদন কৰি থকা বনকৰ্মীসকলৰ লগত মত বিনিময় কৰে মন্ত্ৰী পাটোৱাৰীয়ে। বনকৰ্মীসকলৰ কষ্টৰ শলাগ লোৱাৰ লগতে বনকৰ্মীসকলক ধন্যবাদো দিয়ে মন্ত্ৰীগৰাকীয়ে (Forest minister Chandramohan Patowari)।
আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ হেতু ৰাষ্ট্ৰীয় ঘাইপথৰ ৬টা স্থানত স্থাপন কৰা চেন্সৰ কেমেৰাসমূহ কেনেদৰে কাৰ্যক্ষম হয় তাৰ উমান লয় কঁহৰা বনাঞ্চলৰ পূব হালধিবাৰী কেম্পত থকা চেন্সৰ কেমেৰাৰ কনট্ৰ'ল ৰুমত।
কাজিৰঙাৰ ঘাইপথত থকা কেমেৰাসমূহ খুব উন্নত মানৰ বুলি উল্লেখ কৰি ঘাইপথত চলাচল কৰা বাহনৰ চালকসকলক নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। লগতে কাজিৰঙা ৰাজপথত আৰু এনেধৰণৰ কেমেৰা স্থাপন কৰা প্ৰয়োজন বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বন বিভাগ সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি জানিবলৈ দিয়ে বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|