உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ দুখন নতুন চিনেমা! নিজতকৈ ভাল গায়ক বুলি ৰাজহুৱা অনুষ্ঠানত কাক ক'লে জুবিনে?

    নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ দুখন নতুন চিনেমা! নিজতকৈ ভাল গায়ক বুলি ৰাজহুৱা অনুষ্ঠানত কাক ক'লে জুবিনে?

    যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সংগীতানুষ্ঠানত জুবিন গাৰ্গ।

    যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সংগীতানুষ্ঠানত জুবিন গাৰ্গ।

    যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সংগীতানুষ্ঠানত জুবিন গাৰ্গ।

    • Share this:
    জুবিন গাৰ্গ! নামেই যাৰ পৰিচয়। হাজাৰ হাজাৰ অনুৰাগীৰ মাজত জুবিন গাৰ্গে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহত গীত পৰিবেশন কৰে। অনুষ্ঠানৰ মাজতে জুবিন গাৰ্গে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে। বহু জনপ্ৰিয় গীতেৰে নিশাটো ৰঙীণ কৰি তোলা জুবিন গাৰ্গে অনুষ্ঠানৰ মাজতে নিজৰ আহিবলগীয়া ছবিৰ বিষয়েও জনায়।

    নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন  গাৰ্গ অভিনীত দুখনকৈ ছবি। বছৰটোৰ মাজভাগত ছবিগৃহলৈ আহিব ৰাজনীতি। ৰাজনীতিত জুবিন গাৰ্গৰ লগতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া, বিশিষ্ট অভিনেতা তপন দাস, মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে।

    সেইদৰে বছৰৰ শেষৰ ফালে ছবিগৃহলৈ আহিব জুবিন গাৰ্গ অভিনীত বহু চৰ্চিত ছবি ড০ বেজবৰুৱা ২। ছবিখন পৰিচালনা কৰিছে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে।

    ইফালে বহু ৰসিক কথা বতৰাৰে জুবিনে জিপাল কৰি তোলে অনুষ্ঠান। গীতৰ মাজতে এগৰাকী অনুৰাগীক জুবিনা গাৰ্গে কয়- 'তুমি মোতকৈ ভালগোৱা। মোতকৈ ভাল চিংগাৰ তুমি।'

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: