ষট পূজা উপলক্ষে ১০ আৰু ১১ নৱেম্বৰত মহানগৰীত যান–বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। ১০ তাৰিখে দিনৰ ১ বজাৰ পৰা পূজা শেষ নোহোৱা পৰ্যন্ত আৰু ১১ তাৰিখে দিনৰ এক বজাৰ পৰা পূজা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা।
এপল পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্টলৈ এম জি ৰোডেৰে ভক্ত কঢ়িওৱা বাহনৰ বাহিৰে অন্য বাহন চলিব নোৱাৰিব। ভৰলুমখ দিশৰ পৰা পাণবজাৰ–চানমাৰি অভিমুখী চিটি বাছসমূহকে ধৰি সকলো যান–বাহন এপল পইণ্টৰ পৰা টি আৰ পি ৰোড হৈ এইচ বি ৰোডত আৰু এন বি হল পইণ্টেৰে বাওঁহাতে ঘূৰি এফ চি ৰোড তৈবুল্লাহ ৰোড আৰু জি এন বি ৰোডেৰে গৈ লক্ষ্যস্থানত উপনীত হ’ব পাৰিব।
চানমাৰিৰ দিশৰ পৰা পাণবজাৰ–ভৰলুমুখ–জালুকবাৰী অভিমুখী চিটি বাছসমূহকে ধৰি সকলো ধৰণৰ বাহন টিচি পইণ্ট হৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰ বি আই পইণ্ট আৰু বাওঁহাতে পাণবজাৰ অভাৰব্ৰীজ নৰ্থ পইণ্ট হৈ পাণবজাৰ অভাৰব্ৰীজ ছাউথ পইণ্টলৈ এ টি ৰোডেৰে আঠগাঁৱৰ উৰণীয়া সেঁতু হৈ ভৰলুমুখ আৰু জালুকবাৰীলৈ যাব পাৰিব।
টিচি পইণ্টেৰে জিএনবি ৰোড হৈ পাণবজাৰ আৰু ফাঁচীবজাৰলৈ আহিবলগীয়া লঘু বাহন এম এল এন ৰোড হৈ এইচ বি ৰোডেৰে যাব পাৰিব।
উজান বজাৰৰ লতাশিল দিশৰ পৰা ভৰলুমুখ অভিমুখে আহিব লগীয়া বাহনসমূহ বিচি ৰোড তৈবুল্লাহ ৰোড জিএনবি ৰোডেৰে গৈ লক্ষ্য স্থানত উপনীত হ’ব পাৰিব।খানাপাৰাৰ পৰা ভৰলুমুখ জালুকবাৰীৰ দিশে আহিব লগীয়া বাহনসমূহ পাণবজাৰ এন এ বি ছাউথ পইণ্ট হৈ এটি ৰোডেৰে লক্ষ্যস্থানত উপনীত হ’ব পাৰিব।
জালুকবাৰীৰ দিশৰ পৰা অহা আন্তঃজিলা বাহনসমূহ, এএছটিচিৰ অধীনস্থ গ্ৰাম্য ছাৰ্ভিচ বাছ সমূহকে ধৰি যিকোনো ধৰণৰ বাহনসমূহ (চিটি বাছ আৰু ভক্ত কঢ়িওৱা বাহন বাদ দি) গুৱাহাটী মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব৷ এই বাহনসমূহ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জালুকবাৰীৰ পৰা ISBT দিশলৈ যাব পাৰিব।
১০ নৱেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১১ নৱেম্বৰৰ পুৱা ৯ বজালৈ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ চন্দ্ৰপুৰ, পানীখাইতী আদি দিশৰ পৰা বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনসমূহ মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|