নুমলীগড়ত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ অভিনৱ কৌশল, প্ৰকাণ্ড জিৰাফ দেখি উভতিছে বন্যহস্তীৰ জাক

হাতী অহা–যোৱা কৰা পথত বৃহৎ আকাৰৰ জিৰাফৰ মূৰ্তি স্থাপন কৰি সলনি কৰিবলৈ সক্ষম হৈছে হাতীৰ গতি পথ।

News18-Assam
Updated:November 1, 2019, 8:11 AM IST
নুমলীগড়ত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ অভিনৱ কৌশল, প্ৰকাণ্ড জিৰাফ দেখি উভতিছে বন্যহস্তীৰ জাক
হাতী অহা–যোৱা কৰা পথত বৃহৎ আকাৰৰ জিৰাফৰ মূৰ্তি স্থাপন কৰি সলনি কৰিবলৈ সক্ষম হৈছে হাতীৰ গতি পথ।
News18-Assam
Updated: November 1, 2019, 8:11 AM IST
নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ হ্ৰাস কৰিবলৈ অভিনৱ কৌশল। হাতী অহা–যোৱা কৰা পথত স্থাপন কৰা হৈছে জিৰাফৰ মূৰ্তি। জাকে জাকে বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি দিনে–নিশাই ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে নুমলীগড়ৰ ধলাগুৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই বন্যহস্তীৰ উপদ্ৰৱৰ পৰা নিজৰ চাহ বাগিচাখন, অঞ্চলটো ৰক্ষা কৰিবলৈ গ্ৰহণ কৰিছে অভিনৱ কৌশল। হাতী অহা–যোৱা কৰা পথত বৃহৎ আকাৰৰ জিৰাফৰ মূৰ্তি স্থাপন কৰি সলনি কৰিবলৈ সক্ষম হৈছে হাতীৰ গতি পথ।

পৰীক্ষামূলকভাৱে বাগিচাৰ মাজত স্থাপন কৰা এটা জিৰাফৰ মূৰ্তিৰ ফলত এতিয়া বন্যহস্তীৰ জাকে সলনি কৰিছে নিজৰ পথ। বহু পৰিমাণে হ্ৰাস পাইছে বন্যহস্তীৰ উপদ্ৰৱ। পূৰ্বে এই পথটোৰে জাকে জাকে বন্যহস্তী প্ৰৱেশ কৰি দৈনিক ধলাগুৰি চাহ বাগিচাৰ চাহ গছ, বাগিচাৰ বেৰা ভাঙি, গচকি তহিলং কৰিছিল। কিন্তু এতিয়া জিৰাফৰ মূৰ্তিটো স্থাপন কৰাৰ পিছতে হাতীৰ জাকে নিজৰ পথ আৰু বিচৰণ স্থল সলনি কৰিছে বুলি জানিবলৈ দিয়ে চাহ বাগিচাৰ শ্ৰমিকসকলে।



ইফালে, বাগিচা কৰ্তৃপক্ষই জানিবলৈ দিয়ে যদি এই কৌশল সম্পূৰ্ণৰূপে সফল হ’লে অনাগত সময়ত আৰু বহুকেইটা জিৰাফৰ মূৰ্তি স্থাপন কৰিব। এতিয়া ধলাগুৰি চাহ বাগিচাৰ এই কৌশলে নুমলীগড়ৰ গাঁওবাসীসকলৰ মনলৈ আনিছে এক আশাৰ ৰেঙণি।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি