মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল'ব পাৰিব। এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব।
মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল'ব পাৰিব। এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব।
মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল'ব পাৰিব। এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতি প্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ ক্ষেত্ৰত সৰ্বাধিক ২০০ গৰাকী লোকে (কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা) অংশগ্ৰহণ কৰিব পাৰিব।
প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব। বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল'ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে। কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকেহে ভাগ ল'ব পাৰিব।
ৰাজ্যৰ বিখ্যাত ধৰ্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ গৰাকী লোকৰ দৰ্শনত অনুমতি। আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লোকৰ বাবে অনুমতি। কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|