আপুনি টেট শিক্ষক নেকি? মাঘৰ বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰে দিছে ৫ লাখ টকাৰ উপহাৰ

News18 Assam | News18-Assam
Updated:January 9, 2020, 1:00 PM IST
আপুনি টেট শিক্ষক নেকি? মাঘৰ বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰে দিছে ৫ লাখ টকাৰ উপহাৰ
১ জানুৱাৰীৰ পৰা এই বীমা কাৰ্যকৰী হ’ব এই আঁচনি।

১ জানুৱাৰীৰ পৰা এই বীমা কাৰ্যকৰী হ’ব এই আঁচনি।

  • Share this:
আজি এক সংবাদমেলযোগে তিনিখন নতুন আঁচনি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ ভিতৰত টেট শিক্ষক আৰু NHMৰ ৫০ হাজাৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰিছে এখন নতুন আঁচনি। এই আঁচনিৰ জৰিয়তে NHMৰ প্ৰায় ৫০ হাজাৰ কৰ্মচাৰীৰ বাবে ৫ লাখ টকাৰ ৰিম্বাৰ্ছমেণ্ট হিচাপত স্বাস্থ্য বীমা দিয়া হ’ব৷

১ জানুৱাৰীৰ পৰা এই বীমা কাৰ্যকৰী হ’ব এই আঁচনি। TETৰ ষ্টেট পল শিক্ষককো এই ৫ লাখ টকাৰ স্বাস্থ্য বীমা দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ হাইস্কুলৰ অতিৰিক্ত শিক্ষকসকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা।

আনহাতে, ৰাজ্যৰ দিব্যাংগ কৰ্মচাৰীৰ বাবেও এখন নতুন আঁচনি ঘোষণা কৰে ৰাজ্য চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে দিব্যাংগ কৰ্মচাৰীয়ে গাড়ী-মটৰ কিনিলে ৪ শতাংশ সুদ ৰাজ্য চৰকাৰে পৰিশোধ কৰিব।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি