নগাঁও কাগজ কলৰ কৰ্মচাৰীলৈ সাময়িক সকাহ ৰাজ্য চৰকাৰৰ, এতিয়াই এৰিব নালাগে ঘৰ, সন্তানৰ বাবেও নতুন আঁচনি

News18 Assam | News18-Assam
Updated:January 9, 2020, 12:34 PM IST
নগাঁও কাগজ কলৰ কৰ্মচাৰীলৈ সাময়িক সকাহ ৰাজ্য চৰকাৰৰ, এতিয়াই এৰিব নালাগে ঘৰ, সন্তানৰ বাবেও নতুন আঁচনি
কাগজ কল দুটাৰ কি হ’ব সেয়া উদ্যোগ মন্ত্ৰীয়ে ক’ব বা কেন্দ্ৰীয় চৰকাৰে জানিব বুলিও সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কাগজ কল দুটাৰ কি হ’ব সেয়া উদ্যোগ মন্ত্ৰীয়ে ক’ব বা কেন্দ্ৰীয় চৰকাৰে জানিব বুলিও সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
নগাঁও আৰু কাছাৰ কাগজ কল লিকুইডিটীত গৈছে। সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে উদ্যোগ মন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলে ঘৰ এৰি যাব নালাগে৷ আমি বিজুলী কৰ্তন কৰা নাই তাত।

নগাঁও কাগজ কলৰ কৰ্মচাৰীৰ সন্তানৰ বাবে নতুন আঁচনি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মেডিকেল বা তেনেধৰণৰ ক’ৰ্চ কৰা থকা ছাত্ৰ–ছাত্ৰীক এককালীন সাহায্য হিচাপে ১ লাখ টকাকৈ দিয়া হ’ব। পোষ্ট গ্ৰেজুৱেট বা তেনেধৰণৰ ক’ৰ্চ কৰি থকাসকলৰ বাবে ৭৫ হাজাৰ টকা, ডিগ্ৰী–পলিটেকনিক বা তেনেধৰণৰ ক’ৰ্চ কৰি থকাসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ব। হায়াৰ ছেকেণ্ডাৰী বা সমপৰ্যায়ৰ ক’ৰ্চ কৰি থকাসকলে ২৫ হাজাৰ আৰু দশম শ্ৰেণীপৰ্যন্ত পঢ়ি থকাসকলে পাব দহ হাজাৰ টকাৰ এককালীন সাহায্য। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত DBT যোগে দিয়া হ’ব এই সাহায্য। ১৪ জানুৱাৰীত বিত্ত বিভাগৰ ৱেবছাইটত পাব প’ৰ্টেলৰ লিংক।

কাগজ কল দুটাৰ কি হ’ব সেয়া উদ্যোগ মন্ত্ৰীয়ে ক’ব বা কেন্দ্ৰীয় চৰকাৰে জানিব বুলিও সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি