নতুন ৰূপত,নতুন নিয়মৰ মাজেৰে এইবাৰৰ দুৰ্গাপূজা! থাৰ্মকলবিহীন হ’ব গুৱাহাটীৰ দুগোৎসৱ

ৰাজ্যৰ লগতে মহাগৰীৰ চৌপাশে চলিছে শাৰদীয় দুৰ্গোৎসৱক আদৰৰ প্ৰস্তুতি।ঠায়ে ঠায়ে পেণ্ডেল আৰু মূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে শিল্পী সকল।

News18-Assam
Updated:September 19, 2019, 7:04 PM IST
নতুন ৰূপত,নতুন নিয়মৰ মাজেৰে এইবাৰৰ দুৰ্গাপূজা! থাৰ্মকলবিহীন হ’ব গুৱাহাটীৰ দুগোৎসৱ
ৰাজ্যৰ লগতে মহাগৰীৰ চৌপাশে চলিছে শাৰদীয় দুৰ্গোৎসৱক আদৰৰ প্ৰস্তুতি।ঠায়ে ঠায়ে পেণ্ডেল আৰু মূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে শিল্পী সকল।
News18-Assam
Updated: September 19, 2019, 7:04 PM IST
হীৰক জ্যোতি মালাকাৰ: ৰাজ্যৰ লগতে মহাগৰীৰ চৌপাশে চলিছে শাৰদীয় দুৰ্গোৎসৱক আদৰৰ প্ৰস্তুতি।ঠায়ে ঠায়ে পেণ্ডেল আৰু মূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে শিল্পী সকল। ব্যস্ততা বাঢ়িছে পূজা কমিটিসমূহৰো।কিন্তু এইবাৰ মহানগৰবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা চুইচ গেট, কালিবাৰী ৰেষ্ট কেম্প, বিষ্ণুপুৰ পূজা, গীতা নগৰৰ দুৰ্গা পূজাত দেখা নাপাব থাৰ্মকলৰ সাজসজ্জা।

কিয়নো এইবাৰ মহানগৰীৰ দূর্গা পূজাৰ কমিটিসমূহক প্লাষ্টিক অথবা থাৰ্মকল ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে।আনকি পূজা কমিটিসমূহে প্ৰতিমা আলোক সজ্জাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব নোৱাৰিব প্লাষ্টিক জাতীয় সামগ্ৰী।



গুৱাহাটী মহানগৰীত এইবাৰ অনুষ্ঠিত হ’ব ৪৯২ খন পূজা।পূজাৰ সময়ত মহানগৰীৰ সকলো পূজা সমিতি সমূহত চি চি টিভি কেমেৰা লগোৱাটো এইবাৰ বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে।আনকি পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈকেহে পূজা কমিটী সমূহে ব্যৱহাৰ কৰিব পাৰিব উচ্চস্বৰৰ শব্দ । প্ৰতিখন পূজা কমিটিত ইমাৰজেঞ্চি লাইট ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে শক্তি বিভাগে।আনহাতে প্ৰতিমা বিসৰ্জনৰ সময়ত প্ৰথমবাৰৰ বাবে মানুহৰ সলনি ট্ৰলি ব্যৱহাৰ কৰাৰ চিন্তা কৰিছে জিলা প্ৰশাসনে।

একেদৰে পূজাৰ পূৰ্বৰে পৰা মহানগৰীৰ প্ৰতিখন আৰক্ষী খানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলক সষ্টম থাকিবৰ বাবে নিৰ্দেশ দিছে আৰক্ষী আয়ুক্তই। পূজাৰ সময়চোৱাত সুৰাপান কৰি গাড়ী চলোৱা সকলৰ বিৰুদ্ধে অভিযান চলাব যান বাহন আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি