• Home
  • »
  • News
  • »
  • assam
  • »
  • New Rules for School Buses : স্কুলৰ বাছ তথা বাহনৰ বাবে নতুন নিয়ম, বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা জিলা পৰিবহণ প্ৰাধিকাৰীৰ

New Rules for School Buses : স্কুলৰ বাছ তথা বাহনৰ বাবে নতুন নিয়ম, বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা জিলা পৰিবহণ প্ৰাধিকাৰীৰ

নিয়ম ভংগ হ'লে বিহিব জৰিমনা, জব্দ হ'ব বাহন।

নিয়ম ভংগ হ'লে বিহিব জৰিমনা, জব্দ হ'ব বাহন।

নিয়ম ভংগ হ'লে বিহিব জৰিমনা, জব্দ হ'ব বাহন।

  • Share this:
স্কুলবাছৰ ক্ষেত্ৰত কেইবাটাও নতুন নতুন নিয়ম প্ৰযোজ্য হ'ব। এতিয়াৰ পৰা স্কুল বাছত থাকিব লাগিব  চি চি কেমেৰা, জি পি এছ , ছাইৰেনকে ধৰি আন সুবিধা (New rules for school buses and vehicles)।

এনে কেইবাটাও দিশক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে বহুকেইটা নতুন নিৰ্দেশনা। এই সংক্ৰান্তত আজি শনিবাৰে  দিনৰ ভাগত  গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰে জিলা পৰিবহণ প্ৰাধিকাৰী বিষয়া ৰফিকুল ইছলামে।

কামৰূপ মহানগৰ  জিলা পৰিবহণ বিভাগৰ কাৰ্যলয়ত এই আলোচনা হয়। নিয়ম উলংঘা কৰা স্কুল কৰ্তৃপক্ষই ভৰিব লাগিব জৰিমনা, তথা জব্দ হ'ব বাহন। ন্যায়ালয়ৰ পৰা দিয়া হ'ব জাননী। স্কুল বাহনত এতিয়াৰ পৰা পুৰুষৰ লগতে  থাকিব লাগিব মহিলা সহায়কো।

মহানগৰীত প্ৰায় ১২০০ খন স্কুলবাছ আছে। এতিয়াৰ পৰা সৰু বাহনেৰে স্কুল ভাৰা মাৰিলেও ৰং সলনি কৰি হালধীয়া কৰিব লাগিব নাম্বাৰ প্লেট। ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ভয়ে পাব লাগিব গন্তব্য স্থান, সেই দিশতো নজৰ ৰাখিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই।
Published by:Gautam Barman
First published: