এতিয়াৰে পৰা যোৰহাটৰ স্কুলবাছৰ চালকসকলে তেওঁলোকৰ বাছৰ ডেছব'ৰ্ডত ৰাখিব লাগিব নিজৰ পৰিয়ালৰ ফটো। যোৰহাটৰ জিলা পৰিবহণ বিষয়াই বাছচালকসকলৰ সৈতে হোৱা এক আলোচনাৰ অন্তত জাৰি কৰিছে এই নিৰ্দেশনা। দৰাচলতে যোৰহাটৰ জিলা পৰিবহণ বিভাগে স্কুলবাছ চালকসকলৰ বাবে দেওবাৰে আয়োজন কৰে এক বিশেষ প্ৰশিক্ষণৰ। আৰু ইয়াৰ পিছতে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ।
যোৰহাটৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত জিলাখনৰ স্কুলবাছ চালকসকলৰ বাবে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। বাছচালকসকলক দুৰ্ঘটনাত আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা, গাড়ীত জুই লাগিলে অগ্নিনিৰ্বাপণৰ কৌশলকে ধৰি কিছুমান অতি প্ৰয়োজনীয় বিষয়ৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে সংশ্লিষ্ট প্ৰশিক্ষকৰ দ্বাৰা।
দেওবাৰে যোৰহাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰদান কৰা হয় এই বিশেষ প্ৰশিক্ষণ । পৰিবহণ বিভাগ, স্বাস্থ্য বিভাগ আৰু চিভিল ডিফেন্সৰ বিষয়াসকলে যোৰহাটৰ ১৬০গৰাকী চালকক প্ৰদান কৰে এই বিশেষ প্ৰশিক্ষণ। দ্ৰুতবেগত গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰাৰ কেইবাটাও কাৰণ বিশ্লেষণ কৰি নিজকে সংযম কৰি ৰাখিবলৈ এতিয়াৰে পৰা যোৰহাটৰ স্কুলবাছ চালকসকলক পৰিয়ালৰ ফটো গাড়ীৰ ডেছব'ৰ্ডত ৰখাটো নিয়ম কৰা হৈছে, যাতে তেওঁলোকৰ পৰিয়ালৰ সৈতে থকা সম্পৰ্কই যিকোনো ভুল সিদ্ধান্ত লোৱাৰ পৰা বাৰণ কৰিব পাৰে। যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাইছে বাছ মালিকসকলে।
"কিছুমান পথ দুৰ্ঘটনাৰ এটা অন্যতম কাৰণ হৈছে চালকৰ এগ্ৰেছিভনেছ । চালকজনে খং উঠাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত কৰে । এই খঙৰ পৰা সৃষ্টি হোৱা উত্তেজনা প্ৰশমিত কৰিব পাৰে পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতাই। সেয়েহে এই চালকসকলক কোনো ভুল কাম কৰাৰ পৰা বিৰত থাকি সংযমী কৰি ৰাখিবলৈ আমি তেওঁলোকৰ বাছৰ ডেছব'ৰ্ডত একোখনকৈ পৰিয়ালৰ ফটো ৰখাটো নিয়ম কৰিবলৈ বিচাৰিছোঁ । ", যোৰহাটৰ জিলা পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদে এনেদৰে কয় ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|