• Home
  • »
  • News
  • »
  • assam
  • »
  • গ্ৰামাঞ্চলৰ লোকৰ মূৰত নতুন কৰ! গৃহ নিৰ্মাণ কৰিলে দিব লাগিব মাচুল

গ্ৰামাঞ্চলৰ লোকৰ মূৰত নতুন কৰ! গৃহ নিৰ্মাণ কৰিলে দিব লাগিব মাচুল

পঞ্চায়তৰ অনুমতি অবিহনে নিৰ্মাণ কৰিব নোৱাৰিব গৃহ।

পঞ্চায়তৰ অনুমতি অবিহনে নিৰ্মাণ কৰিব নোৱাৰিব গৃহ।

পঞ্চায়তৰ অনুমতি অবিহনে নিৰ্মাণ কৰিব নোৱাৰিব গৃহ।

  • Share this:

গাঁৱত গৃহ নিৰ্মাণ এতিয়া সহজ নহয় ৷ গাঁৱত গৃহ নিৰ্মাণৰ বাবে নতুন নিয়ম ৷ গৃহ নিৰ্মাণৰ বাবে অনুমতি ল'ব লাগিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৷ অনুমতিৰ বাবদ পঞ্চায়ত আৰু গ্ৰমোন্নয়নক গৰাকীয়ে দিব লাগিব মাচুল ! নিৰ্দিষ্ট মাচুলৰ বাবে গৰাকীয়ে লাভ কৰিব গৃহ নিৰ্মাণৰ অনুমতি ৷


ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংযোজিত নতুন কৰক লৈ স্বাভাৱিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ কিয়নো এতিয়াৰ পৰা বিনামূলীয়া নহয় গাঁও অঞ্চলত গৃহ নিৰ্মাণ ৷ কিয়নো গ্ৰামোঞ্চলত গৃহ নিৰ্মাণৰ বাবে অনুমতি ল'ব লাগিব নিৰ্দিষ্ট পঞ্চায়তৰ ৷ পঞ্চায়তে নিৰ্দিষ্ট মাচুলৰ ভিত্তিত প্ৰদান কৰা অনুমতিৰ বাবদহে গৃহ নিৰ্মাণ কৰিব পাৰিব গৰাকীয়ে ৷


পিছে কেনে গৃহ নিৰ্মাণত কিমান মাচুল দিব লাগিব? ৰাজ্য চৰকাৰে মঙলবাৰে প্ৰকাশ কৰা গাঁও পঞ্চায়তৰ বাবে আদৰ্শ নাগৰিক চনদত নাই কোনো উল্লেখ ৷ বিপৰীতে প্ৰতিটো গাঁও পঞ্চায়তক মাচুল নিৰ্ধাৰণৰ নিৰ্দেশ ৷ এয়াই নহয়, ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যৱসায়ীৰ অনুমতি পত্ৰ ৷ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ NOC প্ৰদান কৰিব গাঁও পঞ্চায়তে, যাৰ বাবে পঞ্চায়তে নিৰ্ধাৰণ কৰা মাচুল দিবলৈ বাধ্য গৰাকী ৷ প্ৰশ্ন হৈছে পৌৰ নিগম, পৌৰ সভাত থকা এই নিৰ্দেশনাৱলী নতুনকৈ গাঁও অঞ্চলত বাধ্যতামূলক কিয়? স্বাভাৱিকতে উঠা প্ৰশ্ন– ৰাজ্য চৰকাৰে নিজৰ ৰাজহ বৃদ্ধিৰ বাবদ এইবাৰ টাৰ্গেট কৰিলে নেকি গ্ৰামোঞ্চলত বাসকৰা আৱাসীকো?

Published by:Gautam Barman
First published: