নতুন নিয়মৰ মাজেৰে এইবাৰৰ HSLC পৰীক্ষা, পূৰ্বতকৈ বৃদ্ধি হৈছে ছেবাৰ পৰীক্ষাৰ্থী

News18 Assam | News18-Assam
Updated:December 4, 2019, 8:12 PM IST
নতুন নিয়মৰ মাজেৰে এইবাৰৰ HSLC পৰীক্ষা, পূৰ্বতকৈ বৃদ্ধি হৈছে ছেবাৰ পৰীক্ষাৰ্থী
পৰীক্ষাৰ্থীৰ সন্মুখত নিৰীক্ষকে খুলিব লাগিব প্ৰশ্নকাকতৰ টোপোলা।১৬ৰ পৰিবৰ্তে থাকিব ২৪পৃষ্ঠাৰ উত্তৰবহী।

পৰীক্ষাৰ্থীৰ সন্মুখত নিৰীক্ষকে খুলিব লাগিব প্ৰশ্নকাকতৰ টোপোলা।১৬ৰ পৰিবৰ্তে থাকিব ২৪পৃষ্ঠাৰ উত্তৰবহী।

  • Share this:
কেতবোৰ নতুনত্বৰে এইবাৰৰ HSLCৰ পৰীক্ষা। পূৰ্বতকৈ ছেবাত বৃদ্ধি হৈছে পৰীক্ষাৰ্থীৰ সংখ্যা। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৮৬০টা পৰীক্ষাকেন্দ্ৰত ৩৫২,১৩২ গৰাকী পৰীক্ষাৰ্থী।  পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হৈছে ৬,২৭৬ গৰাকী। পৰীক্ষাৰ্থীৰ সন্মুখত এইবাৰ নিৰীক্ষকে খুলিব লাগিব প্ৰশ্নকাকতৰ টোপোলা। ১৬ৰ পৰিবৰ্তে থাকিব ২৪পৃষ্ঠাৰ উত্তৰবহী। উচ্চ গণিত বিষয়ত ২৪ পৃষ্ঠাৰ উপৰিও থাকিব গ্ৰাফ পেপাৰ। ২০২০ বৰ্ষত প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব Tourism and Hospitality  বিষয়ত পৰীক্ষাৰ্থী।
আৰু চাওক
পৰৱৰ্তী বাতৰি