মহানগৰীৰ যান–জঁট ৰোধ কৰিবলৈ পৰিবহণ বিভাগৰ নতুন পৰিকল্পনা, এইবাৰ চিটীবাছক দিয়া হ’ব ‘টাইম কাৰ্ড’

এই প্ৰচেষ্টাত গুৱাহাটীৰ যান–জঁট নিয়ন্ত্ৰণ হ’ব বুলি আশাবাদী পৰিবহণ বিভাগ, যান-বাহন আৰক্ষী।

News18-Assam
Updated:September 23, 2019, 11:15 AM IST
মহানগৰীৰ যান–জঁট ৰোধ কৰিবলৈ পৰিবহণ বিভাগৰ নতুন পৰিকল্পনা, এইবাৰ চিটীবাছক দিয়া হ’ব ‘টাইম কাৰ্ড’
এই প্ৰচেষ্টাত গুৱাহাটীৰ যান–জঁট নিয়ন্ত্ৰণ হ’ব বুলি আশাবাদী পৰিবহণ বিভাগ, যান-বাহন আৰক্ষী।
News18-Assam
Updated: September 23, 2019, 11:15 AM IST
গুৱাহাটীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে জিলা পৰিবহণ বিভাগৰ তৎপৰতা। চিটীবাছৰ চলাচলত নতুন নীতি প্ৰয়োগ কৰিব পৰিবহণ বিভাগে। এইবাৰ ‘টাইম কাৰ্ড’ৰ জৰিয়তে সময়সূচীমতে চলিব লাগিব চিটীবাছ। খানাপাৰাত পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীৰ এই সজাগতা অভিযান। যাত্রাৰ পূৰ্বে প্ৰতিখন চিটীবাছক দিয়া হ’ব একোখন ‘টাইম কাৰ্ড’।

‘টাইম কাৰ্ড’ অনুসৰি কোনো এখন চিটীবাছে অভাৰটেক কৰিব নোৱাৰিব আন এখন চিটীবাছক। এই প্ৰচেষ্টাত গুৱাহাটীৰ যান–জঁট নিয়ন্ত্ৰণ হ’ব বুলি আশাবাদী পৰিবহণ বিভাগ, যান-বাহন আৰক্ষী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি